আকস্মিকভাৱে অমিত শ্বাহৰ বাসভৱনত উপস্থিত হৈছিল জেপি নড্ডা৷ সেই সময়তেই পূৰ্বনিৰ্ধাৰিত সূচী অবিহনে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনলৈ ঢাপলি মেলিছিল৷ তাৰ পিছত ৰহস্যজনকভাৱে নিশিকান্ত ডুবেই বিতৰ্কৰ সূত্ৰপাত কৰিলে৷
এই তিনি পৰিক্ৰমাৰ সৈতে ৰাজনৈতিক সংযোগ স্থাপনৰ আছে সম্ভাৱনা৷ চৰকাৰে প্ৰতিটো কঠিন সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে বিজেপিৰ মধ্যম স্তৰৰ নেতাই বিতৰ্কিত কথাৰে প্ৰতিবাৰে দেশৰ ৰাজনৈতিক পৰিমণ্ডল উত্তপ্ত কৰি তোলে৷ সেই বিতৰ্কৰ বাকযুদ্ধৰ মাজতে সংগোপনে মোদীয়ে কৰে এটা চমৎকাৰ ঘোষণা৷
এইবাৰো অনুৰূপ ঘোষণা কৰিবলৈয়েই প্ৰধানমন্ত্ৰী সাজু হোৱা বুলি কৰা হৈছে অনুমান৷ মোদীৰ ১১ বছৰীয়া শাসনৰ অভিজ্ঞতাৰে পুষ্ট বিশেষজ্ঞৰ অনুমান অনুসৰি মুৰ্ছিদাবাদৰ অঘটনৰ আঁত ধৰি পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ প্ৰস্তুতি চলিছে দিল্লীত৷
কিন্তু তাৰ পূৰ্বে মোদীয়ে ৰাজ্যখনত পছন্দৰ কঠোৰপন্থী আমোলাক ৰাজ্যপাল পাতিবলৈ বিচাৰিছে৷ বংগৰ বৰ্তমানৰ ৰাজ্যপাল চিভি আনন্দ বসুও প্ৰাক্তন আই এ এছ৷ কিন্তু তেওঁৰ কামত মোদী সন্তুষ্ট নহয়৷ সেয়ে বসুক বদলি কৰিব পাৰিলেই বংগত বলৱৎ কৰা হ’ব পাৰে ৰাষ্ট্ৰপতি শাসন৷ দ্বিতীয়তে ছোনিয়া আৰু ৰাহুল গান্ধীক পোতাশাললৈ নিক্ষেপ কৰিবলৈয়ো দিল্লীত কুচকাৱাজ চলি থকাৰ বতৰা দিছে সমৰ্থিত সূত্ৰই৷
নেশ্যনেল হেৰল্ড গোচৰৰ জাল চপাই এমফ’ৰ্চমেণ্ট সঞ্চালকালয়ে সম্পত্তি জব্দ কৰিবলৈ জাননী দিছে৷ গতিকে এই ছেগতে দুয়োকে গ্ৰেপ্তাৰৰ সম্ভৱনা নথকা নহয়৷ সেয়ে নিশিকান্ত ডুবেৰ জৰিয়তে চৰকাৰে ইচ্ছাকৃত বিবাদৰ সূত্ৰপাত কৰা বুলিও সন্দেহ ঘনীভূত হৈছে৷
ৰাষ্ট্ৰপতি ভৱনত মোদী
