ছিক্স মাৰিলে কি হ’ল, জে’লত সোমাব লাগিব

ৰাজস্থান ৰয়েলছক IPLৰ পৰা নিষিদ্ধ ঘোষণা কৰা হ’ব পাৰে৷ খেলৰ নামত ভাৰতীয় আইন ভংগ কৰিছে দলটোৱে৷ অসমৰ ৰঞ্জিৎ বৰঠাকুৰো সঞ্চালক হৈ থকা দলটোৱে শ্ৰম আইন উলংঘা কৰিছে৷
ৰাজস্থানৰ হৈ IPLত খেলিছে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে৷ ২০১১ চনত জন্মা বৈভৱে ইমপেক্ট প্লেয়াৰ হিচাপে প্ৰথমখন মেচ খেলিছে৷ সেইখন খেলত বৈভৱে শ্বাৰ্দুল ঠাকুৰৰ প্ৰথমটো বলতে মাৰিছে অভাৰ বাউণ্ডেৰী৷ কভাৰ ড্ৰাইভৰ ওপৰেৰে ছিক্সাৰ মাৰি অভিষেক কৰিছে বৈভৱে৷
কিন্তু মেচখনত বৈভৱক খেলাই ৰাজস্থানে শ্ৰম আইন ভংগ কৰিছে৷ ভাৰতীয় নিয়ম অনুসৰি কোনো নাবালকে কাম কৰিব নোৱাৰে৷ নাবালক শ্ৰমিকক মালিকে দিনতে কামত খটুৱাবই নোৱাৰে৷ ১৬ বছৰ নোহোৱালৈ ধনৰ বিনিময়ত কাকো মালিকে নিযুক্তিও দিব নোৱাৰে৷
কিন্তু ৰাজস্থানৰ হৈ অভিষেকৰ সময়ত বৈভৱ সূৰ্যবংশীৰ বয়স আছিল মাত্ৰ ১৪ বছৰ ২৩ দিন৷ তেওঁ পূৰ্বে ৰঞ্জি অথবা আন ঘৰুৱা লীগ খেলিছে৷ কিন্তু সেইবোৰৰ সৈতে পেছাদাৰী লীগ IPLৰ পাৰ্থক্য আছে৷
শিশু শ্ৰমিক প্ৰতিৰোধ আইন-১৯৮৬ত স্পষ্টভাৱে উল্লেখ আছে- কোনো শিশুক ধনৰ বিনিময়ত মালিকে কামত খটুৱাব নোৱাৰিব৷ যদি আইন ভংগ কৰে তেন্তে মালিকৰ ছমাহৰ পৰা দুবছৰলৈ জে’ল হ’ব পাৰে৷
তদুপৰি বৈভৱ সূৰ্যবংশীক নিশা খেলোৱা হৈছে মেচ৷ বুলেটৰ দৰে বেগী বল খেলিবলৈ তেওঁক বাধ্য কৰোৱা হৈছে৷ সেয়ে ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্টে শাস্তি ভুগিব লাগিব৷
অভিষেক মেচখনত শ্বাৰ্দুলৰ বল কভাৰ ড্ৰাইভেৰে ছিক্সাৰ মাৰি অৱশ্যে বৈভৱে কৰিছে ৰাজকীয় আত্মপ্ৰকাশ৷ তাৰ পিছতে অৱেশ খানৰ বলতো তেওঁ মাৰিছে বিশাল অভাৰ বাউণ্ডেৰী৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial