পিঠা পুৰিবলৈ মিঞা বেপাৰীয়ে আকৌ কিনিছে আটা

বিহু শেষেই হ’ল৷ তথাপি বন্ধ নহ’ল মিঞাৰ পিঠা ফেক্টৰী৷ গুৱাহাটীৰ বিশেষ স্থানত মিঞা মহিলাই তৈয়াৰ কৰা খোলাপিঠা-বৰপিঠাই ক্ৰমে দখল কৰিলে মধ্য অসমৰো বজাৰ৷
কিন্তু ফেক্টৰীৰ গৰাকীও সমস্যাত পৰিছে৷ কাৰণ চৰকাৰী চাউলৰ আঠা নাই৷ তেওঁলোকে ধুবুৰীৰ পৰা চৰকাৰী চাউল ক্ৰয় কৰিছিল৷ কিন্তু চৰকাৰী চাউলত আঠা নথকাৰ বাবে পিঠা নুঠে৷
গতিকে আকৌ সৰহীয়াকৈ কিনিবলগীয়া হৈছে আটা৷ ছফিউল নামৰ ব্যক্তিজনে আমাক জনোৱা মতে বিহুৰ সময়ত তেওঁলোকে আগতীয়াকৈ তিনি কুইণ্টল আটা কিনিছিল৷ সেই আটা চাউলৰ গুৰিৰ মিশ্ৰণৰ সৈতে মিলোৱা হয়৷
আটা মিহলি কৰাৰ পিছত কিন্তু পিঠা তৈয়াৰ কৰাত অসুবিধা নহয়৷ কাৰণ আটাই আঠালেটিয়া কৰি পেলায় চৰকাৰী চাউলৰ গুড়ি৷
এতিয়া তেওঁলোকে আকৌ খোলা আটা ডেৰ কুইণ্টল ক্ৰয় কৰিছে৷ ফাঁচীবজাৰৰ নিৰ্দিষ্ট স্থানৰ পৰা আটা ক্ৰয়ৰ পিছতে পূৰ্ণোদ্যমে চলিছে পিঠা ফেক্টৰী৷
ছফিউলেই প্ৰকাশ কৰা মতে পিঠা বৰ্তমান তেজপুৰপৰ্যন্ত প্ৰেৰণ কৰা হৈছে৷ গুৱাহাটীৰ বজাৰত উপলব্ধ খোলাপিঠা আৰু বৰপিঠাৰ ৮০ শতাংশ তেওঁলোকে উৎপাদন কৰিছে৷
থলুৱা সামগ্ৰী বিক্ৰী কৰা বুলি দাবী কৰা এখন দোকানতো তেওঁলোকেই যোগান ধৰিছে পিঠা৷ যাৰ বাবে গুড় আৰু তিল এতিয়াও মজুত কৰি ৰাখিছে পিঠা বেপাৰীয়ে৷
কিন্তু সমস্যাটো হৈছে আটাৰ গুণাগুণক লৈ৷ পিঠা ফেক্টৰীৰ মালিকে ক্ৰয় কৰিছে একেবাৰে সস্তীয়া মানৰ আটা৷ কেৱল চাউলৰ মিশ্ৰণ আঠালেটিয়া কৰিবলৈহে তেওঁলোকে আটা মিহলি কৰিছে৷ সেইবোৰ খোৱাৰ ফলত খাওতা ৰুগীয়া হোৱাটো অৱধাৰিত হৈ পৰিছে৷
ইমানৰ পিছতো সমাদৰ লাভ কৰিছে মিঞা পিঠাই৷ বিহুৰ বতৰত দোকানত আনৰ তুলনাত কম দামতে পিঠা যোগান ধৰিছে মিঞা বেপাৰীয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial