কাজিৰঙা গুচি বাঁজীৰঙা হ’ল
বিষয়টো গৌৰৱৰ নহয়,চিন্তনীয়হে
বৰ বৰ হৰফেৰে কাকতত প্ৰকাশ হৈছে সদ্যসমাপ্ত ২০২৪-২৫ বিত্তীয় বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অভিলেখসংখ্যক ৪,০৬,৫৬৪ গৰাকী পৰ্যটক আহিছে৷ আৰু বন বিভাগৰ ৰাজহ উপাৰ্জন হৈছে ১০ কোটি ৯৫ লাখ টকা। ২০১৪-১৫ বৰ্ষত ১,৩২,৯৩০ জন পৰ্যটকৰ পৰা ৰাজহ আদায় হৈছিল মাথোন ২ কোটি ৮৫ লাখ টকা।
বৰ্তমানৰ চৰকাৰখনে এইটো প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে যে তেওঁলোকৰ শাসনকালত কাজিৰঙাত পৰ্যটনৰ উত্থান হৈছে৷
ৰাজ্য চৰকাৰ হয়তো এই সফলতাতে উৰুলীপুঙা হৈ পৰিছে।
কিন্তু অৰ্থনীতি আৰু প্ৰকৃতিৰ সমন্বয় সাধনৰ ধাৰণা নেছাৰনমি’কছৰ প্ৰবক্তা ৰঞ্জিত বৰঠাকুৰে পৰ্যটকৰ ভিৰৰ বাবে বিপদৰ অনুমানহে কৰিছে৷
বৰঠাকুৰৰ ভাষাত- কাজিৰঙাত এতিয়া ইমানখিনি হোটেল হৈছে৷ ফলত কাজিৰঙা বেয়া হৈ যাব। ভালে-বেয়াই সকলোৱেই কাজিৰঙাত হোটেল খুলিছে ৷
কাজিৰঙাক এসময়ত প্ৰকৃতিৰ আশ্ৰয় বুলি ভাবিছিল, এতিয়া সেইটো নাইকিয়া হৈ যাব। যিটো কাৰণে মানুহ আজি তালৈ গৈছে, তালৈ পিছত মানুহ নোযোৱা হৈ যাব। প্ৰকৃতি ধ্বংস হ’লে সকলোৱেই ধ্বংস হ’ব।
প্ৰশ্ন উত্থাপন হয়- কাজিৰঙাৰ বাবে পৰ্যটন নে পৰ্যটনৰ বাবে কাজিৰঙা? বন বিভাগে কাজিৰঙাৰ দৰে সংবেদনশীল এলেকাত পৰ্যটকৰ সীমা বান্ধি দিয়া নাই৷ ৯টা এনিমেল কৰিড’ৰত উচ্ছেদো হোৱা নাই৷
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও স্বীকৃত কাজিৰঙাত জধে-মধে হোটেল নিৰ্মাণ কৰা হৈছে৷ গতিকে বাঁজীৰঙালৈ পৰ্যৱসিত হৈছে কাজিৰঙা৷
চৰকাৰে একো নকৰিলে কাজিৰঙা শেষ হৈ যাব
