ভণ্টী হেলমেটতো পিন্ধি লোৱা
না না নিপিন্ধো দেই, চুলি বেয়া হ’ব
এইবোৰ কথাই চলি আছে৷ গতিকে ১০০ টকীয়া ভাৰা মাৰি ২,০০০ টকা ফাইন ভৰিছে ৰেপিড’ চালকে৷
সুন্দৰী গ্ৰাহিকাক ৰেপিড’ চালকে হেলমেট পিন্ধিবলৈ অনুৰোধ কৰে৷ কিন্তু ষ্ট্ৰেইট কৰা চুলি বেয়া হৈ যোৱাৰ ভয়ত নিপিন্ধে শিৰস্ত্ৰাণ৷ ফলত ৰেপিড’ চলাই দিনটোত উপাৰ্জন কৰা ধন পুলিচক দি দিব লাগে চালকে৷
বিশেষকৈ বিহুৰ বতৰত গুৱাহাটী পুলিচে মটৰ চাইকেল আৰোহীক কৰি লৈছে লক্ষ্য৷ হেলমেট নিপিন্ধাৰ বাবে বহুতে ভৰিছে ২,০০০ টকা জৰিমনা৷ কিন্তু দুপইচা উপাৰ্জন কৰিবলৈ গুৱাহাটীত মটৰ চাইকেল চলাই ফুৰাসকলৰ লাভৰ সলনি হৈছে লোকচান৷
ৰেপিড’ চালকে প্ৰকাশ কৰা মতে একাংশ যুৱতী যাত্ৰী তেওঁলোকৰ বাবে হৈ পৰিছে সমস্যা৷ প্ৰায়ে যুৱতীসকলে ৰেপিড’ বুক কৰে৷ কিন্তু বিভিন্ন অজুহাতত সেইসকলে হেলমেট পিন্ধিবলৈ অস্বীকাৰ কৰে৷ বহুতে পিন্ধাৰ অজুহাতত চালকে আগবঢ়াই দিয়া হেলমেটটো নিপিন্ধে তেওঁলোকে৷
একাংশই আকৌ হেলমেট পিন্ধিলে চুলি বেয়া হ’ব বুলি ভয় কৰে৷ তেওঁলোকে হাজাৰ ক’লেও নিপিন্ধে শিৰস্ত্ৰাণ৷
গতিকে নিশালৈ ২,০০০ টকা ফাইন ভৰাৰ মেছেজ পায় ৰেপিড’ চালকে৷ দিনজুৰি বাইক চলাই উপাৰ্জন কৰা পইচাকেইটা চৰকাৰকে দিবলগীয়া হয় বাইকাৰ্ছে৷ তেওঁলোকে সদায় ভৰে ফাইন৷
বাইকত উঠিও সুন্দৰীয়ে নিপিন্ধে হেলমেট
