শুনি আচৰিত হ’ব, বিহাৰৰ পৰা আহিছে আমৰলি টোপ
বজাৰত ১২০০ টকা কেজিত বিক্ৰী হোৱা আমৰলি টোপৰ চাহিদা বিহুৰ বতৰত বৃদ্ধি হৈছে৷ কিন্তু ঘৰুৱা উৎপাদনে মাৰিব পৰা নাই বজাৰৰ চাহিদা৷ সেয়ে বিহাৰৰ পৰা আমদানি কৰা হৈছে এইবিধ খাটী অসমীয়া খাদ্য৷ কিন্তু বাণিজ্যিকভাৱেও উৎপাদন কৰা হৈছে আমৰলি টোপ৷
মধ্য অসমত ১৯ বিঘা মাটিত আমৰলি টোপৰ খেতি কৰা হৈছে৷ ছফিকুল ইছলাম নামৰ খেতিয়কজনে একেলগে উৎপাদন কৰিছে আমৰলি টোপ৷ তেওঁ বিহুৰ বজাৰলৈ ১৪০০ কেজি টোপ উলিয়াই দিছে৷ অৱশ্যে পূৰ্বে খেতি কৰাৰ অভিজ্ঞতা নথকা বাবে আশানুৰূপভাৱে আমৰলি টোপ উৎপাদন কৰিব নোৱাৰিলে খেতিয়কজনে৷
একেদৰে যোৱা তিনিদিনৰ ভিতৰত অসমত উপলব্ধ হৈছে আঢ়ৈৱাখ টকাৰ বিহাৰী আমৰলি টোপ৷ ৰে’লেৰে অনা বহিৰাগত আমৰলি টোপ গুৱাহাটীৰ বজাৰত এৰি দিয়া হৈছে৷ কৰ্মসূত্ৰে গুৱাহাটীত থকা লোকসকলে কিনিছে এই খাদ্য৷
অৱশ্যে এড়ি পলু লেটাৰো বাঢ়িছে দাম৷ ১৪০০ টকাত ১ কেজি লেটা বিক্ৰী হৈছে৷ বিহুৰ বজাৰত সেইবিধ সামগ্ৰীয়েই একমাত্ৰ অসমীয়াৰ দখল আছে৷ আন চিৰা-মুড়ি অথবা দৈ প্ৰতিবিধৰে বেপাৰ কৰিছে অনা-অসমীয়াই৷
বিহু অসমীয়াৰ যদিও বজাৰখন হৈছেগৈ অনা অসমীয়াৰ৷ অসমীয়াই বিহু খাইছে, হিন্দীভাষী আৰু মিঞাই বেচিছে বিহুৰ সামগ্ৰী৷
বিহুৰ বজাৰখন অসমীয়াৰ নহয়
