প্ৰাৰ্থিত্ব পোৱাৰ ভয়ত কান্দিছে কংগ্ৰেছীয়ে

বিজেপিৰ টিকট নাই, কংগ্ৰেছৰ প্ৰাৰ্থী নাই
মোক টিকট নালাগে
ৰাউচি জুৰি কান্দিছে টিকট পোৱা কংগ্ৰেছীয়ে
পঞ্চায়ত নিৰ্বাচনত উঠিবলৈ কংগ্ৰেছীৰ সাহস নাই৷ নিৰ্বাচন হৈ যাব, কিন্তু পিছত বিধায়কৰ ৰোষত পৰাৰ ভয়ত টিকট ঘূৰাই দিছে কংগ্ৰেছীয়ে৷ ১০ বছৰ পূৰ্বে যিটো দলৰ টিকট বিচাৰি কৰ্মীয়ে হাবাথুৰি খাইছিল, সেই কংগ্ৰেছৰ প্ৰাৰ্থী হ’বলৈ কেবাটাও সমষ্টিত মানুহ নাই৷
সেয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অভিলেখসংখ্যক প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট আদিৰ লগতে তিনিচুকীয়াতো নাই কংগ্ৰেছ প্ৰাৰ্থী৷ মাৰ্ঘেৰিটাৰ দাহাল উপাধিৰ কংগ্ৰেছ কৰ্মীজনে গোপনীয়তাৰ চৰ্তত আমাক জনোৱা মতে তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ ইচ্ছা আছিল৷ কিন্তু নিৰ্বাচন হৈ যোৱাৰ পিছত বিধায়ক ভাস্কৰ শৰ্মাৰ ৰোষৰ বলি হোৱাৰ ভয়তে প্ৰতিদ্বন্দ্বিতা নকৰিলে৷
একেদৰে বিমল বড়াৰ টিংখাং সমষ্টিতো একেটা কাৰণতে নিৰ্বাচনত উঠা নাই কংগ্ৰেছী৷ তেওঁলোকে পৰাজয় নিশ্চিত বুলি ভাবি নিৰ্বাচনৰ পৰাই বিৰত আছে৷
বৰ্তমানৰ চতিয়া সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে প্ৰকাশ কৰা অনুসৰি নিৰ্বাচন কেৱল আনুষ্ঠানিকতাৰ খাতিৰতহে অনুষ্ঠিত হ’ব৷ কিয়নো প্ৰাৰ্থিত্ব গ্ৰহণ কৰিবলৈ কোনো জিলা পৰ্যায়ৰ নেতা আগ্ৰহী নহয়৷ তেওঁলোকে বিধায়কৰ ভয়ত প্ৰতিদ্বন্দ্বিতা নকৰে৷
বোকাখাট আৰু দুলীয়াজানৰ পৰাও আমি লাভ কৰিছোঁ অনুৰূপ খবৰ৷ অদূৰ ভৱিষ্যতে বিপদ হোৱাৰ আশংকাত কংগ্ৰেছীয়ে ঘূৰাই দিছে দলীয় টিকট৷
তেওঁলোক প্ৰায় নিশ্চিত হৈছে যে ২০২৬ৰ নিৰ্বাচনতো বিজেপি জিকিব৷ সেয়ে পঞ্চায়তৰ নামত বিধায়কৰ অপ্ৰিয় হ’বলৈ কাৰোৰে ইচ্ছা নাই৷ কেৱল সংখ্যালঘুপ্ৰধান এলেকাতহে কংগ্ৰেছৰ আছে প্ৰকৃত প্ৰাৰ্থী৷ আনবোৰত মিছা-মিছিকৈ ইলেকশ্যন খেলিছে কংগ্ৰেছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial