আদিবাসী মানুহবোৰে একো বুজি নাপায়
মই ছোৱালীজনীৰ মুখলৈ চাইহে বুজাই দিছোঁ
আদিবাসী মানুহবোৰৰ বাবে বৰ দিগদাৰ হয়
এয়া হৈছে এগৰাকী নাৰ্ছৰ মুখৰ ভাষা
চৰকাৰী হস্পিতেলত চাকৰি কৰি দৰমহা পোৱা নাৰ্ছে ৰোগীৰ প্ৰশ্নৰ উত্তৰ দিবলৈয়ো টান পায়৷ সেয়ে আদিবাসী মানুহ বুলি জাতত ধৰি গালি পাৰিছে নাৰ্ছগৰাকীয়ে৷ কিন্তু ৰোগীক সময় দিব নোৱাৰা নাৰ্ছ বাইদেৱে হস্পিতেলতে ফোন টিপি থাকে৷
আদিবাসী মানুহে একো নুবুজে বুলি গালি পৰা থকা এই ভিডিঅ’টো আমি বিশেষ সূত্ৰৰ জৰিয়তে লাভ কৰিছোঁ৷ য’ত নাৰ্ছগৰাকীয়ে দুবাৰ ক’বলগীয়া হোৱা বাবে আদিবাসী মানুহৰ প্ৰতি হৈ পৰিছে বিতুষ্ট৷ ঔষধ কেনেকৈ খাব লাগিব বুলি সোধা বাবে তেওঁ ককৰ্থনা কৰিছে ৰোগীক৷
গোপনে ৰেকৰ্ডিং কৰা ভিডিঅ’টো হৈছে উজনিৰ এখন স্বাস্থ্যকেন্দ্ৰৰ৷ য’ত ৰোগৰ চিকিৎসাৰ বাবে ভিৰ কৰে চাহ বাগিচাৰ শ্ৰমিকে৷ স্বাভাৱিকতে নিৰক্ষৰ লোকসকলে ঔষধ খোৱাৰ বিধানৰ বিষয়ে নাৰ্ছক বাৰে বাৰে প্ৰশ্ন কৰে৷ কিন্তু নাৰ্ছগৰাকীয়ে তেওঁলোকক নিদিয়ে উত্তৰ৷
চৰকাৰী চাকৰিৰ সলনি যেন বিনামূলীয়া সেৱাহে কৰিছে, তেনে আচৰণেই কৰিছে বিশেষ নাৰ্ছগৰাকীয়ে৷ তেওঁ চাহ জনজাতিৰ লোকসকলক প্ৰশ্নৰ উত্তৰ দিছে ৰুক্ষতাৰে৷ হস্পিতেলত ফোন টিপিবলৈ সময় নোপোৱাৰ বাবে নিৰক্ষৰ লোকসকলৰ প্ৰতি খং উঠি গৈছে নাৰ্ছগৰাকীৰ৷
এগৰাকী ৰোগীয়ে প্ৰকাশ কৰা মতে বিগত সময়তো তেওঁ নাৰ্ছগৰাকীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছিল৷ কিন্তু তেওঁ প্ৰতিবাদো কৰিব পৰা নাছিল৷ কিন্তু অতিষ্ঠ হৈ তেওঁ আমালৈ প্ৰেৰণ কৰিছে এই ভিডিঅ’৷ য’ত আদিবাসী মানুহে একো বুজি নাপায় বুলি কটাক্ষ কৰিছে চৰকাৰী নাৰ্ছে৷
নাৰ্ছে ক’লে- এই আদিবাসী মানুহবোৰে একোৱেই বুজি নাপায়…
