বন্ধ কৰি দিলে সোণোৱালৰ কাম

সৰ্বানন্দ সোণোৱালৰ মন গৈছিল
হিমন্ত বিশ্ব শৰ্মাৰ মন নগ’ল
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত আছে অখিল গগৈৰ অৰ্কিড পাৰ্ক৷ তথাপি চৰকাৰে ইয়াতেই আৰু এখন অৰ্কিড উদ্যান স্থাপন কৰাৰ যুক্তি আছিল নে?
কাজিৰঙাৰ দুৰ্গাপুৰস্থিত অখিল গগৈৰ অৰ্কিড উদ্যানৰ সফলতা দেখি অসম চৰকাৰৰো মন গৈছিল তাতে আন এখন অৰ্কিড উদ্যান স্থাপন কৰাৰ। সেইমতে কাজিৰঙাৰ কঁহৰাত কৃষি বিভাগে ১৬ কোটি টকা ব্যয়সাপেক্ষে ৩০ বিঘা ভূমিত অৰ্কিড উদ্যানখনৰ অধাৰশিলা স্থাপন কৰা হৈছিল৷
২০২০ চনৰ ১৬ জুলাইত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলাও স্থাপন কৰিছিল৷ দুবছৰৰ ভিতৰত উদ্যানখন সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ আজি পাঁচবছৰৰ পিছতো পাৰ্কখন সম্পূৰ্ণ হৈ নুঠিল৷
প্ৰশ্ন হ’ল কাজিৰঙাত এখন অৰ্কিড উদ্যান থকাৰ পিছতো চৰকাৰে তাতেই আন এখন অৰ্কিড পাৰ্ক স্থাপন কৰিবলৈ কিয় সিদ্ধান্ত লৈছিল?
স্বাভাৱিকতে অৰ্কিডৰ বাবে অনুকূল বাতাবৰণ থকা অঞ্চল ৰাজ্যখনত আৰু আছিল। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষতেই এনে এখন অৰ্কিড উদ্যান স্থাপনো সম্ভৱ আছিল৷
হয়তো চৰকাৰে কাজিৰঙাত প্ৰয়োজন নোহোৱাসত্ত্বেও পুনৰ এখন অৰ্কিড উদ্যান স্থাপন কৰি প্ৰত্যাহ্বান জনোৱাৰ দিহা কৰিছিল৷ কিন্তু সেইখনৰ কাম এতিয়ালৈ একোৱেই নহ’ল৷
চৰকাৰী অৰ্কিড উদ্যানৰ কাম আধাতে গেঁথেলা মাৰিলে৷ পাঁচবছৰৰ পিছতো অৰ্কিড উদ্যানৰ কাম একোৱেই নহ’ল৷
এসোপামান ধন-বিত খৰচ মিছাকৈ কৰিলে চৰকাৰে৷ কামো নহ’ল, আবদ্ধও কৰি পেলালে কঁহৰাৰ মাটি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial