সেইকাৰণেই নাহে অমিত শ্বাহ

অসমীয়াই একো কৰিব নোৱাৰে
১২৫০ টকা দি দিলেই ভোট দি দিব
দিল্লীয়েই এইদৰেই অসমৰ কথা ভাবে৷ সেইবাবে অমিত শ্বাহৰো অসমক লৈ নোহোৱা হৈছে টেনশ্যন৷
২০২৬ চনত অসমৰ লগতে পশ্চিমবংগ আৰু তামিলনাডুৰ নিৰ্বাচন হ’ব৷ ২০২৫ৰে নৱেম্বৰত হ’ব বিহাৰৰ নিৰ্বাচন৷
এই তিনিওখন ৰাজ্য বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ৷ সেইবাবে বিহাৰ, পশ্চিমবংগ আৰু তামিলনাডু প্ৰতিমাহে ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছে অমিত শ্বাহে৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক্ৰমে তেওঁ মাহে দুদিনকৈ তিনিখন ৰাজ্যত থাকিব৷
বিহাৰত অমিত শ্বাহে ৮০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে৷ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে বিহাৰক দিছে ৬,২৮২ কোটি টকাৰ জলসিঞ্চন প্ৰকল্প৷ যি চাৰিখন জিলাত বিস্তৃত৷
তামিলনাডুত মোদীয়ে ৫৫০ কোটিটকীয়া সমুদ্ৰ সেতু উদ্বোধন কৰিছে৷ লগতে দিছে ৮,৩০০ কোটি টকাৰ প্ৰকল্প৷ সেইখন ৰাজ্যত আকৌ বিজেপিৰ অস্তিত্বই নাই৷
পশ্চিমবংগক প্ৰধানমন্ত্ৰীয়ে দিছে ১৫,৪০০ কোটি টকাৰ প্ৰকল্প৷ নিৰ্বাচনৰ পূৰ্বে পইচা ঢালি দিছে মোদীয়ে৷
কিন্তু একে সময়তে নিৰ্বাচন হ’ব যদিও অসমলৈ গুৰুত্বই দিয়া নাই প্ৰধানমন্ত্ৰীয়ে৷ অমিত শ্বাহে প্ৰতিমাহে ভ্ৰমণ কৰিবলগীয়া ৰাজ্যৰ তালিকাতো অসমৰ নাম নাই৷ মোদীয়েও অসমৰ বাবে ঘোষণা কৰা নাই পুঁজি৷ ঝুমইৰ চালে যদিও বিশেষ পেকেজ তেওঁ ঘোষণা নকৰিলে৷
অৰ্থাৎ অসমৰ ভোটাৰৰ বাবে চিন্তা কৰাৰ দৰকাৰেই নাই বুলি গম পাই গৈছে বিজেপিৰ হাইকমাণ্ডে৷ অসমত বিজেপি জিকিবলৈ কোটি কোটি টকা খৰচ কৰাটো অপ্ৰয়োজনীয় বুলি ৰাষ্ট্ৰীয় নেতৃত্বই বুজি পাইছে৷ সেয়ে অমিত শ্বাহেও মাহে মাহে অসমলৈ অহাৰ প্ৰয়োজন অনুভৱ কৰা নাই৷
বংগ, বিহাৰ অথবা তামিলনাডুৰ স্বাভিমানী ভোটাৰক সন্তুষ্ট কৰিবলৈ বিজেপি নেতৃত্বই কষ্ট কৰিবলগীয়া হৈছে৷ অসমৰ বাবে কিন্তু নাই একো চিন্তা৷ অৰুণোদয়ৰ ১২৫০ টকা পালেই যে অসমৰ মহিলাই বিজেপিকে ভোট দিব সেই কথাটো গম পোৱাৰ বাবে চিন্তামুক্ত হৈ আছে শ্বাহ৷
মোদীয়েও অসমৰ বাবে পুঁজি ঘোষণা কৰাৰ দৰকাৰ নাই বুলি গম পাই গৈছে৷ বিজেপি অস্তিত্বহীন যদিও তামিলনাডুকে তেওঁ গুৰুত্ব দিছে৷ তথাপি অসমক দিয়া নাই গুৰুত্ব৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial