ৰ’দে-বৰষুণে তিতি কাম কৰিলে ৰাইজে আৰক্ষীক প্ৰশংসা কৰে৷ দুদিন পিছতে সেইজন আৰক্ষীকে ঘোচখোৰ বুলি গালি পাৰে৷ শিৱসাগৰৰ ষ্টেশ্য়ন চাৰিআলিত ধুমুহাৰ মাজতো ডিউটী কৰাৰ বাবে এজন ট্ৰেফিক পুলিচ কালিৰ পৰা ভাইৰেল হৈছে৷
কিন্তু তেওঁক আমি কোনপধ্যে বাহ বাহ দিব বিচৰা নাই৷ সেই ঘটনাটোৱে হৰমিৎ সিঙৰ অসম পুলিচৰ দুৰ্বলতাহে উদঙাই দিছে৷
গাড়ীৰ ভিৰৰ বাবে ষ্টেশ্য়ন চাৰিআলিত অত্যধুনিক ট্ৰেফিক নিয়ন্ত্ৰণ ব্যৱস্থা দৰকাৰ হৈছে৷ কিন্তু প্ৰশাসনে সেই সৰু কামটোৱেই কৰা নাই৷ আওপুৰণি মেনুৱেল প্ৰণালীৰেই কাম চলাই আছে৷
প্ৰশ্ন হয়- যদি বৰষুণৰ বাবে মণিব নোৱাৰি গাড়ী চালকে ট্ৰেফিক পুলিচজনক মহতিয়াই নিলেহেঁতেন তেন্তে কি হ’লহেঁতেন?
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৰ্তব্যৰত জোৱানক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাটো থানাৰে দায়িত্ব৷ সেইবাবে জোৱানজনক থানাই দিব লাগিছিল এটা ৰেইনকোট৷
ৰিফ্লেকশ্যন টেপ মৰা জেকেট আৰু হেলমেট কিমান দৰকাৰী কালিৰ ঘটনাই প্ৰমাণ কৰিলে৷ ৰঙা-সেউজীয়া লাইট জ্বলি থকা বেটন ষ্টিক লৈয়েই আজিকালি পুলিচে দায়িত্ব পালন কৰে৷ অসমত সেইপদ সজুলিও নাই৷
ন্যূনতম সুবিধা নথকাকৈ অসম পুলিচক স্মাৰ্ট পুলিচ কৰিবলৈ চৰকাৰে ঘোষণা কৰি আছে৷ কিন্তু নিজৰ জীৱন বিপন্ন কৰি পথতে সেইদৰে বৰষুণৰ মাজত ট্ৰেফিক কণ্ট্ৰ’ল কৰিবলগীয়া হৈছে সাধাৰণ জোৱানে৷
শিৱসাগৰৰ ঘটনাটো কোনোপধ্যে ট্ৰেফিক পুলিচজনৰ বীৰত্বৰ কথা নহয়৷ সেইটোক লৈ গৌৰৱ কৰিবলগীয়াও নাই৷ ঘটনাটোৱে উদঙাইহে দিছে অসম পুলিচৰ দুৰ্গতি৷
বৰষুণত তিতি ট্ৰেফিক কণ্ট্ৰ’ল কৰাৰ বাবেই সাতখুন মাফ নেকি?
