IPL টীমৰ কেপ্টেইন আৰু জিলা বিজেপিৰ সভাপতিৰ একেই গতি
অসমত জিলা বিজেপিৰ সভাপতি হ’বলৈ কাৰোৰে মন নাই৷ সেইদৰে IPL টীমৰ কেপ্টেইন পদবীও খেলুৱৈৰ বাবে শাস্তিয়েই হৈ পৰিছে৷
ৰাজস্থান ৰয়েলছৰ কেপ্টেইন হৈ থাকোতে শ্ল’ অভাৰ ৰেটৰ বাবে ৰিয়ান পৰাগে ১২ লাখ টকা জৰিমনা ভৰিছে৷ মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্টয়ো লাখ লাখ টকা দিবলগীয়া হৈছে৷
RCBৰ কেপ্টেইন ৰজত পাতিদাৰকো ১২ লাখ টকা জৰিমনা বিহিছে IPLৰ গৱাৰ্নিং কমিটীয়ে৷ কেপ্টেইনৰ মেচ ফীৰ পৰা জৰিমনাৰ ধন কাটি লোৱা হৈছে৷
মুঠতে IPLত কেপ্টেইনৰ পদবী হৈ পৰিছে সন্ত্ৰাসৰ দৰে৷ দোষ বলাৰে কৰিছে, ফল ভুগিছে অধিনায়কে৷
সেইদৰে অসম বিজেপিতো সভাপতি হৈ পৰিছে ভয়ংকৰ পদবী৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰি থৈছে, জিলা বিজেপিৰ সভাপতিয়ে নিৰ্বাচনৰ টিকট নাপায়৷ অৰ্থাৎ তেওঁলোকে দল টানি থাকিব৷ কিন্তু মাছ ধৰিব বেলেগ নেতাই৷
IPLৰ কেপ্টেইনৰ দৰে শাস্তি ভুগিবলৈয়েই জিলা বিজেপিৰ সভাপতিক বাধ্য কৰিছে প্ৰদেশ নেতৃত্বই৷ সেয়ে পদবী এৰিবলৈ খৰখেদা কৰিছে সভাপতিসকলে৷
একেদৰে ফ্ৰেন্সাইজী ক্ৰিকেটত অধিনায়ক পদটোৰ নোহোৱা হৈছে মূল্য৷ নিলামত অধিক দাম পোৱা খেলুৱৈয়ে শান্তিৰে খেলি আছে৷ একেসময়তে কম দাম পায়ো অধিনায়ক হোৱা ক্ৰিকেটাৰে আনৰ দোষৰ বাবে পাইছে শাস্তি৷
ভুল বেলেগে কৰিছে, শাস্তি পাইছে কোনে?
