২০১৬ত অসমলৈ নাহোঁ বুলি কৈছিল শচীন তেণ্ডুলকাৰে

নাকটি ভাঙি উভতি যোৱা শচীনক হিমন্ত বিশ্ব শৰ্মাই আগতেই প্ৰস্তাৱ দিছিল৷ ২০১৬ চনতে অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ হ’বলৈ শচীনক অফাৰ দিছিল চৰকাৰে৷ কিন্তু ক্ৰিকেট কিংবদন্তি শচীনে প্ৰত্য়াখ্যান কৰিছিল সেই প্ৰস্তাৱ৷
বাধ্য হৈ চৰকাৰে তেতিয়া প্ৰিয়ংকা চোপ্ৰাক অসমৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ নিযুক্ত কৰিছিল৷ অ’ছাম আছামৰ ব্ৰেণ্ড এম্বেছাডৰ বিচাৰি অসম চৰকাৰ কেবাজনো চেলিব্ৰিটীৰ কাষ চাপিছিল৷ তেওঁলোকৰ ভিতৰত অন্যতম আছিল শচীন৷ তেতিয়ালৈ শচীনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল৷
কিন্তু অসম চৰকাৰৰ অফাৰ শচীনে নাকচ কৰিছিল৷ সেই কথা তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল৷ অৰ্থাৎ সেইপৰ্যন্ত শচীন তেণ্ডুলকাৰে শুনাই নাছিল অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা৷
কিন্তু ২০২৫ চনত শচীনে জানিলে অসমৰ কাজিৰঙাৰ বিচিত্ৰ বন্যজগতৰ সবিশেষ৷ তেতিয়াহে ক্ৰিকেটৰ ঈশ্বৰে অসম ভ্ৰমণ কৰিলে৷ কিন্তু কেৰিয়াৰত কেবাবাৰো নেহৰু ষ্টেডিামৰ মেচত শচীনে অংশগ্ৰহণো কৰিছিল৷ এতিয়াৰ দৰে ঘনাই নহ’লেও অসমত তেতিয়াও হৈছিল আন্তঃৰাষ্ট্ৰীয় এদিনীয়া৷
সেইজন শচীনেই অসমত চূড়ান্ত বিৰক্ত হ’ল৷ কাজিৰঙাৰ দুৰ্দান্ত বাঘে শচীনক একো কৰিব নোৱাৰিলে৷ বাইন’কুলাৰ লৈ দূৰৰ পৰা বাঘ-গঁড় চালে শচীনে৷ কোনেও শচীনক আক্ৰমণ নকৰিলে৷ কিন্তু সাংবাদিকৰ মাইকে ঘাঁ লগাই দিলে শচীনৰ নাকত৷
অসমৰ সাংবাদিক বাঘতকৈয়ো একোব চৰা বুলি গম পাই গ’ল শচীনে৷ কাজিৰঙাৰ বন্যপ্ৰাণীয়েও একো নকৰা শচীনক শেষত সাংবাদিকেহে ভয় খুৱাই দিলে৷ সেয়ে শেষ সময়ছোৱাত মুখেই নুখুলিলে শচীনে৷
২০১৬ চনত অসমৰ প্ৰস্তান নাকচ কৰা শচীন ৯ বছৰৰ পিছত হ’লেও ফুৰিবলৈ আহিছিল৷ কিন্তু আহিয়েই বিতৃষ্ণা জন্মিল শচীনৰ৷ ব্যক্তিগত ভ্ৰমণসূচী গোপনীয় কৰি ৰাখিবলৈ সুযোগেই নাপালে ভগৱানে৷ গতিকে আকৌ কেতিয়াও নাহে শচীন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial