মন্ত্ৰিত্ব গ’ল, এইবাৰ সমষ্টিও হেৰুৱাব সঞ্জয় কিষাণে

মন্ত্ৰিত্ব গ’ল, এইবাৰ পিছত সমষ্টিও হেৰুওৱাব সঞ্জয় কিষাণে
পাখিকটা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণক লৈ তিনিচুকীয়া বিজেপিত লাগিছে গণ্ডগোল৷
বিধায়কজনৰ অনা-অসমীয়াপ্ৰীতিৰ পৰিপ্ৰেক্ষিতত দুটা ফৈদত বিভক্ত হৈছে তিনিচুকীয়া জিলা বিজেপি৷ বিগত দহ বছৰ ধৰি সোঁৱে-বাৱেঁ থাকি তেওঁক সহায় কৰা দলীয় কৰ্মকৰ্তা এতিয়া বিধায়কজনৰ বাবে এলাগী হৈ পৰিছে৷
ইয়াৰ বিপৰীতে তেওঁ বহিৰাগত অনা-অসমীয়া ঠিকাদাৰ নিধীশ আগৰৱালা এণ্ড কোম্পানীৰ হৈ ওকালতি কৰিছে৷ পৌৰসভাৰ কাম-কাজত অনধিকাৰ প্ৰভুত্ব খটাবলৈ উঠি-পৰি লগা বুলি গুৰুতৰ অভিযোগ তুলিছে ক্ষোভিত বিজেপি কৰ্মীয়ে৷
বিধায়ক কিষাণৰ আশিসপুষ্ট নিধীশ আগৰৱালা এণ্ড কোম্পানীয়ে পৌৰসভাত আধিপত্য বিস্তাৰ কৰিছে৷ পৌৰসভাৰ কাম আৰু নিবিদা নিজৰ দখলৰ বাবে নিধীশ আগৰৱালা এণ্ড কোম্পানীয়ে মিছা অভিযোগত অভিযুক্ত কৰিছে থলুৱা ঠিকাদাৰক৷
বিধায়ক কিষাণৰ কাম-কাজত বিতুষ্ট পৌৰসভাৰ ২৭ গৰাকী থলুৱা ঠিকাদাৰে অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অভিযোগ অনুসৰি বিগত দহটা বছৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণৰ হস্তক্ষেপত তিনিচুকীয়া পৌৰসভাৰ কোনো এটা কামেই সুকলমে সমাপণ হোৱা নাই৷
তেওঁৰ হস্তক্ষেপৰ বাবেই পৌৰসভাৰ তিনিজনকৈ পৌৰপতি সলনি হ’ল৷ অব্যৱহৃত হৈ থাকিল শকত পুঁজি৷ থলুৱা ঠিকাদাৰক বঞ্চিত কৰি বিধায়ক কিষাণে পৌৰসভাৰ প্ৰতিটো কামতে নিধীশ আগৰৱালা নামৰ অনা-অসমীয়া ঠিকাৰদাৰজনৰ লগতে তেওঁৰ পৰিয়ালক প্ৰাধান্য দিছে৷
এইসকল ঠিকাদাৰৰ বিৰুদ্ধে উদ্দেশ্য প্ৰণোদিতভাৱে তিনিচুকীয়া সদৰ থানাত গোচৰো ৰুজু কৰা হৈছে ৷ ঠিকাদাৰৰ বিদ্ৰোহৰ বাবে সঞ্জয় কিষাণৰ ৰাজনৈতিক স্থিতি হৈ পৰিছে থৰক-বৰক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial