দীপলীনা ডেকাই নোৱাৰিলে
ৰিছা ভৰদ্বাজেও হাত দাঙি দিলে
মৰ্মিতা মিত্ৰৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিছে একমাত্ৰ মা আফিয়াই৷
বংগতনয়া মৰ্মিতাই অসমীয়া ক’ব নোৱাৰে৷ তথাপি বঢ়াই গৈ আছে ফাংশ্যনৰ ৰেট৷ সেইদৰে মা আফিয়ায়ো অসমীয়া ক’ব নোৱাৰে৷ কিন্তু বঙলুৱা সুৰত অসমীয়া গান গায়৷
এইবেলি বিহুতে দুয়োগৰাকী মাজতহে হৈছে আচল কম্পিটিশ্যন৷ মা আফিয়াই মিঞাপ্ৰধান এলেকাৰ সভাত মঞ্চত গীত গাইছে৷ বিহুসুৰীয়া গীতো বাংলা উচ্চাৰণেৰে নিজৰ সুৰত প্ৰাণঢালি গাইছে আফিয়াই৷
অসমীয়া ক’ব নোৱাৰিলেও মৰ্মিতাই জুবিনৰ গীতবোৰ নতুন কৰিছে৷ জুবিনে পুৰণি কেৰিজমা হেৰুৱাইছে, মৰ্মিতায়েই জুবিনৰ ক্ল’ন হৈ পাৰেমানে চিঞৰিছে৷
অসমীয়া হ’বলৈ চাদৰ-মেখেলা পিন্ধি বান্দৰৰ দৰে জঁপিয়াইছে মৰ্মিতাই৷ কিন্তু তেনেকুৱা আচৰণ কৰা নাই মা আফিয়াই৷ হিজাব পিন্ধি মঞ্চত ধীৰে-সুস্থিৰে গাইছে গান৷
মৰ্মিতা জিনছ পিন্ধিও ষ্টেজত উঠে৷ বুটজোতাৰে গিৰিপ গাৰাপ কৰি থাকে মঞ্চত৷ ধুনীয়া চেহেৰা ষ্টেজত প্ৰদৰ্শন কৰিবলৈ কাৰ্পণ্য নকৰে মৰ্মিতাই৷ বাৰম্বাৰ হাতেৰে ঠিক কৰে ষ্ট্ৰেইট কৰা চুলি৷
মা আফিয়াৰ কিন্তু তেনে সমস্যাও নাই৷ একেযোৰ পোছাক পিন্ধিয়েই তেওঁ প্ৰগ্ৰেম কৰি থাকে৷ মৰ্মিতাৰ দৰে ষ্টেজৰ পৰা কাকো ধমকো দিয়া নাই আফিয়াই৷
গতিকে মৰ্মিতাক বিচাৰি নিৰাশ হোৱাসকলে বিকল্প হিচাপে বাছি ল’ব পাৰে মা আফিয়াক৷ ধুনীয়া মৰ্মিতাক চাই গীত পিছতো শুনিব পাৰিব৷ তেওঁলোকে আফিয়াক দিব পাৰে সুযোগ৷
এইবাৰ বিহুত সকলো শিল্পী উফৰি গৈছে৷ প্ৰতিযোগিতাত তিষ্ঠি আছে কেৱল মৰ্মিতা আৰু মা আফিয়া৷ বিহু গুচি বৰবিহ হৈছে এইবাৰ৷
বিহুমঞ্চত প্ৰতিযোগিতা কৰিব মৰ্মিতা আৰু আফিয়াই
