কেৱল এখন স্বপ্না ছুপাৰৰহে আছে নিয়ম ভংগ কৰাৰ অধিকাৰ

মাজতে নাইট ছুপাৰৰ হৈছিল কেবাটাও দুৰ্ঘটনা৷ ফলত পৰিবহণ বিভাগে বাছৰ ওপৰত সামগ্ৰী সৰবৰাহ বন্ধ কৰি দিলে৷ ওজনৰ বাবে দুৰ্ঘটনা হোৱাৰ ফলত এতিয়া কেৱল নাইট ছুপাৰক তলৰ কেৰিয়াৰতহে সামগ্ৰী কঢ়িওৱাৰ অনুমতি দিয়া হয়৷
আটাইবোৰ নাইট ছুপাৰে সেইটো নিয়ম মানিলেও অসমৰ এখন বিশেষ গাড়ীয়ে এতিয়াও ওপৰৰ কেৰিয়াৰতে সামগ্ৰী কঢ়িয়াই আছে৷ যাত্ৰীৰ প্ৰাণৰ শংকা আওকাণ কৰি স্বপ্না নামৰ ছুপাৰখনৰ ওপৰত কঢ়িওৱা হৈছে মাল৷
চৰকাৰী বাধাৰ পিছতো দীৰ্ঘদূৰত্বৰ পথত চলা ছুপাৰখনৰ ওপৰত কেবাকুইণ্টল সামগ্ৰী সৰবৰাহ কৰা হৈছে৷ টাৰ্নিঙত এঢলীয়া হৈ যোৱাসত্ত্বেও সদায় নিয়ম ভংগ কৰিছে স্বপ্না ছুপাৰৰ কৰ্তৃপক্ষই৷
বাছৰ মালিকগোষ্ঠীৰ জ্ঞাতসাৰে ড্ৰাইভাৰ-কণ্ডাক্টৰে ওপৰত কঢ়িয়াইছে সামগ্ৰী৷ আন গাড়ীৰ দৰে স্বপ্না ছুপাৰৰ তলৰ কেৰিয়াৰতো সামগ্ৰী ভৰ্তি কৰা হৈছে৷ যাৰ বাবে আদায় কৰিছে সুকীয়া ভাৰা৷
তথাপি মালিকৰ ধনৰ লোভৰ বাবে যাত্ৰীৰ সুৰক্ষাও আওকাণ কৰা হৈছে৷ তেওঁলোকে পৰিবহণ নিগমৰ নিৰ্দেশনা উলংঘা কৰি ওপৰতো জাপি লৈছে সামগ্ৰী৷
মাছৰ পৰা কাপোৰলৈ বিভিন্ন সামগ্ৰী বাছৰ ওপৰত বান্ধি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ কৰিছে যাত্ৰা৷ এই কাণ্ড কিন্তু যাত্ৰীসকলৰ বাবে ভয়ংকৰ৷ কাৰণ যিকোনো সময়তে অধিক ওজনৰ বাবে বাগৰি পৰিব পাৰে বাছ৷
টোলগে’টৰ খৰচ উলিয়াবলৈ চৰকাৰী নিৰ্দেশনা ভংগ কৰা বুলি বাছখনৰ কণ্ডাক্টৰে গৰ্বৰে আমাৰ ওচৰত প্ৰকাশ কৰিছিল৷ মালিকৰ অনুমতিত এনে কাণ্ড কৰা বুলি দাবী কৰিছিল কণ্ডাক্টৰে৷
গতিকে পৰিবহণ নিগমে স্বপ্না ছুপাৰৰ মালিকৰ বিপক্ষে বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰাটো দৰকাৰী হৈ পৰিছে অন্যথা বাছখনৰ বাবে অসমত হ’ব ভয়ংকৰ দুৰ্ঘটনা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial