বাগদত্তাৰ আৰ্তনাদ শুনিও শুয়েই থাকিল ফ্লাইট লেফটেনেণ্ট সিদ্ধাৰ্থ

সোণ, তুমি আহিম বুলি কৈছিলা দেখোঁন
কিয় নাহিলা তুমি
এতিয়া উঠা, প্লিজ উঠা মোৰ সোণ
কিন্তু নুঠে৷ ছোনিয়াৰ সোণ সিদ্ধাৰ্থ কেতিয়াও শোৱাৰ পৰা নুঠে৷ চিৰদিনলৈ শুই পৰা অজয়ে কাহানিও সাৰ নাপায়৷ তথাপি সত্য মানি ল’ব পৰা নাই ছোনিয়া যাদৱে৷ কফিনত শুই ঘৰত সোমোৱা সিদ্ধাৰ্থক তেওঁ জগায়েই আছে
উঠা মোৰ সোণ
শিলৰ দৰে কঠুৱা অন্তৰো গলাই মাত্ৰ কান্দিছে ছোনিয়া যাদৱ নামৰ যুৱতীগৰাকীয়ে৷ তেওঁ অৱশ্যে অবিবাহিত৷ ২৩ মাৰ্চত সিদ্ধাৰ্থ যাদৱ নামৰ বায়ুসেনাৰ পাইলটজনৰ সৈতে ছোনিয়াৰ হৈছিল আঙুঠি পিন্ধোৱা৷ দুয়োৰে দীঘলীয়া প্ৰেমে পাইছিল পূৰ্ণতা৷
কিন্তু ইমান সুখ জানো ভগৱানৰ সহ্য হয়…
২ এপ্ৰিলত বায়ুসেনাৰ শিবিৰৰ পৰাই জেট ফাইটাৰ উৰুৱাই নিয়া সিদ্ধাৰ্থ জামনগৰত দুৰ্ঘটনাত পতিত হ’ল৷ ৫ দিন চিকিৎসালয়ত থকা সিদ্ধাৰ্থই নিয়তিৰে যুঁজত হাৰ মানিলে৷
বায়ুসেনাই প্ৰট’কল অনুসৰি হাৰিয়ানাৰ ৰেৱাৰী জিলাৰ গাঁৱৰ ঘৰত চমজাই দিলেগৈ অজয়ৰ অগ্নিদগ্ধ মৃতদেহ৷ তেতিয়া কিন্তু কোনেও ৰখাব নোৱাৰিলে সিদ্ধাৰ্থৰ বাগদত্তা ছোনিয়াক৷
কফিন খুলি সিদ্ধাৰ্থৰ মুখখন চাই ছোনিয়াই সুধিলে
মোক কিয় সোনকালে আহিম বুলি কৈছিলা?
নৱেম্বৰত বিয়া পাতিম বুলি কিয় কৈছিলা?
এতিয়া উঠানা সোণ…
কোনেও ধৰি ৰাখিবলৈয়ো চেষ্টা নকৰিলে ছোনিয়াক৷ অৰণ্যৰোদন কৰি ছোনিয়া বাগৰি পৰিল৷ কেনেকৈ সহিব বাৰু তেওঁ ইমান দুখ!
নৱেম্বৰত বিবাহৰ প্ৰতিশ্ৰুতি দিয়া প্ৰেমিকক শ্মশানত বিদায় দিলেগৈ ছোনিয়াই৷ শ্মশানত নহয়, বুকুতে তেওঁ দাহ কৰিলে প্ৰেমিকক৷ জুয়ে কলিজাত কেঁচা ঘাঁ লগালে৷ যি ঘাঁ কেতিয়াও নুশুকায়৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial