টীম ইণ্ডিয়াৰ পৰৱৰ্তী যুৱৰাজ ৰিয়ান

যেন কেন্সাৰৰ পূৰ্বৰ যুৱৰাজ সিং
হাতৰ সৰুগাঁঠিত ইমানেই শক্তি ৰিয়ান পৰাগৰ
ফিল্ডৰ ভিতৰত আক্ৰমণাত্মক মনোভাৱত ৰিয়ান কিং কোহলিৰ দৰে৷ বেটেৰে প্ৰহাৰৰ শক্তি যুৱৰাজৰ দৰে৷ টাইমিঙত ৰিয়ান শচীনৰ দৰে নিখুঁত৷
কিন্তু ৰিয়ানৰ শ্বটৰ জোৰ আছিল সাইলাখ সনৎ জয়সূৰ্যৰ দৰেই৷ মন্থৰ এদিনীয়া ক্ৰিকেটলৈ মাৰমুখী বেটিঙৰ আমদানি কৰা শ্ৰীলংকাৰ বেটছমেনজনৰ দৰেই পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিলে ৰিয়ানে৷
যি ৰিয়ান দুটা ছিজন আগলৈ ৰাজস্থান ৰয়েলছৰ বাবে আপদ হৈ পৰিছিল, সেইজনেই দলটোৰ বৰ্তমান মূল সম্পদ৷ ঘৰলৈ গৈ পঞ্জাবক ৰাজস্থানে ধ্বংস কৰি দিয়াৰ নেপথ্যৰ অন্যতম নায়ক ৰিয়ানে ৩০ ৰান বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডেৰীৰে গোটালে৷
ষ্ট্ৰাইক ৰেট ১০০ বাহাল ৰাখি ৰিয়ান পৰাগে ২৫টা বলত কৰিলে ৪৩৷ নান্দনিক ইনিংছটোত ৰিয়ানে মাৰিলে ৩টা বাউণ্ডেৰী আৰু ৩টা অভাৰ বাউণ্ডেৰী৷
দলৰ বাবে খেলি ৰিয়ানে শ্ৰীলংকাৰ সনৎ জয়সূৰ্যৰ দৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল৷ ইনছইঙকো নিৰ্ভয়ে খেলি বাউণ্ডেৰিলৈ ঠেলি দিছিল ৰিয়ানে৷ কোনোবা সময়ত যুৱৰাজ সিঙৰ দৰে এখোজ আগুৱাই বিশাল ছিক্সাৰ মাৰি নিজৰ সামৰ্থ প্ৰমাণ কৰিছিল অসম সন্তানে৷
ৰাজস্থান ৰয়েলছৰ আস্থাক সত্য প্ৰতিপন্ন কৰি ৰিয়ানে IPLত খেলিলে আৰু এটা পৰিপক্ব ইনিংছ৷ ক্ৰমে যে তেওঁ দলৰ ভাৰ কঢ়িয়াব পৰাকৈ পাৰ্গত হৈ উঠিছে সেয়া প্ৰমাণ কৰি দেখুৱালে ৰিয়ানে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial