অসমৰ মান-সন্মান ধূলিসাৎ কৰি দিছে কামাতুৰ পাষণ্ডই৷ ফুৰিবলৈ যোৱাৰ সময়তো যৌনকামনা শান্ত কৰিবলৈ সংগী বিচাৰি ফুৰিছে অসমৰ যুৱকে৷ অৰুণাচলৰ গুহাত সোমায়ো চৰিতাৰ্থ কৰিছে কামনা৷ ভ্ৰমণৰ সময়তো তেওঁলোকে বিচাৰিছে পাহাৰী যুৱতীৰ সংগ৷ ধনৰ বিনিময়ত বেশ্যাৰ সৈতে কামকেলি কৰিহে শান্ত হৈছে অসমৰ যুৱক৷
অৰুণাচলত এই সময়ত প্ৰতিবছৰেই বাঢ়ে অসমৰ পৰ্যটকৰ সংখ্যা৷ তথাপি এইবাৰ ফুৰিবলৈ যোৱা পৰ্যটকৰ উদ্দেশ্য অলপ বেলেগ৷ তেওঁলোকে পাহাৰৰ সৌন্দৰ্য চাবলৈ যোৱা নাই৷ পাহাৰীয়া গুহাত কামলীলা কৰিবলৈহে গৈছে অসমৰ যুৱক৷
ইটানগৰৰ এটা বিশেষ গুহাত কেবাদিনো ধৰা পৰিছে অসমৰ যুৱক৷ তেওঁলোকে স্থানীয় দেহোপজীৱীনিৰ সৈতে ইটানগৰৰ বিশেষ গুহাটোত প্ৰৱেশ কৰিছে৷ দুই-এজন যুৱক স্থানীয় লোকৰ আক্ৰমণৰো বলি হৈছে৷ তথাপি পোৱা নাই লাজ৷
অসমৰ সন্মান ধূলিসাৎ কৰি অৰুণাচলী পতিতাৰ সৈতে গুহাত সোমাই কামনা চৰিতাৰ্থ কৰিছে অসমৰ যুৱকে৷ স্থানীয় লোকে অভিযোগ কৰিছে
অসমৰ পৰ্যটকৰ বাবে ৰেড লাইট এৰিয়াৰ দৰে হৈ পৰিছে পৰ্যটন ক্ষেত্ৰ
চহৰৰ পৰা ভাৰা কৰি নিয়া পতিতাৰ সৈতে যুৱকসকল শিলৰ মাজৰ গুহাত সোমাইছে৷ বিশেষ গুহাটোক ফ্ৰী অ’য়’ হোটেল বুলি অভিহিত কৰিছে স্থানীয় লোকে৷ বহুতে আকৌ তাতে প্ৰেয়সীৰ সৈতে কামকেলিত মত্ত হৈ পৰা বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷
সেয়ে অসমৰ সকলো পৰ্যটকক সন্দেহৰ চকুৰে চোৱা হৈছে ইটানগৰৰ বাসিন্দাই৷ ভ্ৰমণৰ সময়তো কামনাত আতুৰ হৈ থকা অসমৰ যুৱকে গুহাৰ মাজত সোমাই কামকেলি কৰাটো সহ্য কৰিব নোৱাৰা হৈছে সাধাৰণ লোকে৷
পৰ্যটন উদ্যোগৰ স্বাৰ্থতহে খং সম্বৰণ কৰি আছে জনতাই৷ কিন্তু এই বিষয়টোক লৈ এদিন যে সংঘাত হ’ব সেয়া ধূৰূপ৷
পাহাৰৰ গুহাত সোমাই অসমীয়া যুৱকৰ কামকেলি
