হাঁহ-কুকুৰাও মুছৰি মাৰে বান্দৰে

আৰু বেছিদিন নাই, অসম বান্দৰে দখল কৰিব
উজনিৰ গাঁৱৰ মানুহে হাঁহ-কুকুৰাও পুহিব নোৱাৰা হৈছে, বান্দৰে মুছৰি মাৰি পেলায়৷ একো বস্তুৱেই বাহিৰতো থ’ব নোৱাৰে৷ দাঙি লৈ যায় বান্দৰে৷ গ্ৰীলৰ ফাকেৰে সোমোৱা বান্দৰক প্ৰতিৰোধ কৰিবলৈ আকৌ লগাবলগীয়া হৈছে লোহাৰ নেট৷ বাথৰূমত থোৱা ৱাশ্বিং মেচিন ভাঙি পেলাইছে বান্দৰে৷ অসমৰ ৭০ শতাংশ গাঁৱতে বান্দৰৰ সন্ত্ৰাস হৈ পৰিছে অপ্ৰতিৰোধ্য৷
গাঁৱৰ দোকানৰ পৰাও আকৌ লৌ যায় চিপছৰ পেকেট৷
আন নালাগে, মাজুলীৰ মেৰবিল ম’হমাৰী গাঁৱত বান্দৰে মোবাইলো হাতৰ পৰা থপিয়াই লৈ যায়৷ মাজুলীৰ উৰ্বৰ ভূমিতো গঞাই বৰ্তমান খেতি কৰিবলৈ বাদ দিছে৷ কাৰণ উৎপাদিত শইচ বান্দৰৰ উৎপাতত তেওঁলোকে খাবলৈ নাপায়৷ বহুতে সেয়ে চাহ খেতি কৰিবলৈ বাধ্য হৈছে৷ ঘৰৰ প্ৰয়োজনীয় পাচলি কেইবিধো বাৰীত বান্দৰে থাকিবলৈ নিদিয়ে৷
যোৰহাটৰ ৮০ শতাংশ গাঁৱতো পৰিৱেশ একেই৷ বান্দৰে গ্ৰীলৰ ফাকেৰে প্ৰায়ে পাকঘৰত প্ৰৱেশ কৰে৷ দাইলৰ বৈয়ামো আখলৰ পৰা উলিয়াই নিয়ে বান্দৰে৷ অলপতে অগৰাকী নৱবিবাহিতাৰ সোণৰ অলংকাৰো ৰূমৰ পৰাই উলিয়াই নিছে কপিকুলে৷
গোলাঘাটৰ বিস্তীৰ্ণ এলেকাত বান্দৰৰ বাবে একো খেতিয়াই ৰাইজে কৰিব নোৱাৰে৷ শেহতীয়াকৈ বাথৰূমত সোমাই ৱাশ্বিং মেচিনত বহি থকাটো বান্দৰৰ অভ্যাস হৈ পৰিছে৷ তাতে লণ্ড-ভণ্ড কৰিছে ৱাশ্বিং মেচিন৷
আধুনিক বান্দৰে মহিলালৈ ভয় নকৰে৷ গতিকে পুৰুষ নথকা সময়ত ঘৰত দিনৰ ভাগত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি হয়৷ মহিলাই খেদি থাকিলেও কেৰেপেই নকৰে বান্দৰৰ জাকে৷
দৰিদ্ৰ পৰিয়ালে লগোৱা সস্তীয়া টিং দুমাহতে ভাঙি পেলাইছে বান্দৰৰ জাকে৷ জঁপিয়াই জঁপিয়াই ফুটাই পেলাইছে টিং৷
শিৱসাগৰৰ কালুগাঁৱত আকৌ বান্দৰৰ কামোৰত আহত হৈছে গঞা৷ খেদিবলৈ যোৱা এজন লোকক বান্দৰে কামুৰি মঙহ বখলিয়াই নিছে৷
দুটা বান্দৰে গাঁৱত প্ৰৱেশ কৰাৰ এমাহৰ পিছতে কপিকুলৰ সংখ্য়া কেবাশ হৈ পৰে৷ গতিকে বান্দৰ নিয়ন্ত্ৰণ অসম্ভৱ হৈ পৰিছে৷ এই বিষয়ত চৰকাৰী হস্তক্ষেপ অবিহনে গঞাই একো কৰিব নোৱাৰে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial