ছামীৰ আবেদন মানি ল’লে BCCIয়ে

আকৌ বলাৰে বলত লগাব পাৰিব লালটি
কৰ’নাকালত BCCIয়ে লালটি লগাই বল বাউন্স কৰাটো নিষিদ্ধ কৰিছিল৷ কিন্তু IPLৰ পূৰ্বে আকৌ নিয়ম শিথিল কৰি দিয়া হৈছে৷
এতিয়া যিহেতু কৰ’নাৰ ভয় নাই, সেয়ে IPLত বলত লালটি লগোৱাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে৷
বিগত সময়ত অভিজ্ঞ ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামীয়ে আই চি চিক বলত লালটি ব্যৱহাৰৰ অনুমতি দিবলৈ আহ্বান জনাইছিল৷ নিষিদ্ধ কৰাৰ বাবে বেগী বলাৰসকলে ৰিভাৰ্ছ ছুইং কৰাত অসুবিধাৰ সন্মুখীন হৈছিল৷
IPLত BCCIয়ে অফ ষ্টাম্পৰ বাহিৰৰ হাই ৱাইড আৰু ৱাইডৰ বাবেও DRS ব্যৱহাৰৰ অনুমতি দিছে৷ গতিকে এতিয়াৰে পৰা অফ ষ্টাম্পৰ বাহিৰৰ ৱাইড আৰু ডেলিভাৰীৰ উচ্চতাৰ ভিত্তিত ৱাইডৰ সিদ্ধান্ত ল’বলৈ হক আই আৰু বল ট্ৰেকিং ব্যৱহাৰ হ’ব৷
কুঁৱলীৰ বাবে সন্ধিয়াৰ মেচৰ দ্বিতীয় ইনিংছত একাদশ অভাৰৰ পিছত বল সলনিৰ বাবেও সিদ্ধান্ত লোৱা হৈছে৷ নিয়ম অনুসৰি দ্বিতীয় ইনিংছৰ ১১ অভাৰৰ পিছত আম্পায়াৰে বল পৰীক্ষা কৰিব৷ যদি অত্যধিক কুঁৱলী পৰে, তেন্তে বলিং দলটোক নতুন বল ব্যৱহাৰ কৰিবলৈ অনুমতি দিব৷
অৱশ্যে সেই বলটো নতুন বল নহয়৷ কেৱল সেই বলটো তিতি নাথাকিব৷ অৱশ্যে এই নিয়ম বিয়লিৰ মেচত প্ৰযোজ্য নহ’ব৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial