পুত্ৰৰ মৃত্যুৰ পিছত মন্ত্ৰীৰ স্বেচ্ছা নিৰ্বাসন

সভাশুৱনি চেহেৰাৰে বিগত দশকত উজনি অসমৰ ৰাজনীতিৰ পৰিচিত নেত্ৰী আছিল প্ৰণতি ফুকন পকা আহোমৰ নেত্ৰী বুলিও ডিব্ৰুগড়ৰ কংগ্ৰেছী ৰাজনীতিত তেওঁৰ আছিল সুকীয়া স্থান তৰুণ গগৈৰ কাৰ্যকালৰ প্ৰভাৱশালী নেত্ৰী প্ৰণতি ফুকন সম্প্ৰতি নিৰুদ্দেশ বিজেপিত যোগদান কৰি সমসাময়িক বহুতে ৰাজনীতিত উত্থান ঘটোৱাৰ পিছতো মৌন হৈ আছে প্ৰণতি ফুকন একেৰাহে চাৰিবাৰ নাহৰকটীয়া সমষ্টি প্ৰতিনিধিত্ব কৰা ফুকনৰ কংগ্ৰেছৰ ভিতৰচ’ৰাতো প্ৰভাৱ নাই স্বামী হৰি ফুকনৰ বিয়োগৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰা প্ৰণতি ফুকন ১৯৯৬ চনতে প্ৰথমবাৰলৈ নাহকটীয়াৰ পৰা নিৰ্বাচত হৈছিল ২০১৬ চনপৰ্যন্ত তেওঁ সমষ্টিটোত হৈ আছিল অবিসম্বাদী নেত্ৰী তদুপৰি তৰুণ গগৈৰ আমোলত তেওঁ আছিল প্ৰথমে ৰাজ্যিক মন্ত্ৰী, পৰৱৰ্তী সময়ত বিধানসভাৰ উপাধ্যক্ষ আৰু কেবিনেট মন্ত্ৰীও হৈছিল ফুকন কিন্তু এইগৰাকী নেত্ৰীৰেই এতিয়া নোহোৱা হ’ল অস্তিত্ব তৰুণ গগৈৰ শেষৰখন চৰকাৰত মন্ত্ৰীসভা সম্পূৰ্ণ সলনি কৰা হৈছিল তেতিয়া পদত্যাগ কৰিছিল সকলো মন্ত্ৰীয়ে৷ তাৰ পিছৰ পৰাই যেন হেৰাই গ’ল প্ৰণতি কিন্তু ব্যক্তিগত কাৰণতহে প্ৰণতি ফুকনে ৰাজনীতিৰ পৰা অৱসৰ ল’লে বুলিও অনুমান কৰে কংগ্ৰেছী মহলে তেওঁৰ মন্ত্ৰিত্বৰ কালতে ছিলঙৰ হ্ৰদত সলিল সমাধি ঘটিছিল একমাত্ৰ পুত্ৰৰ৷ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত কিন্তু প্ৰণতিয়ে স্বেচ্ছা নিৰ্বাসনকে বাছি ল’লে থুলন্তৰ চেহেৰাৰে এসময়ত অসমৰ ৰাজনীতি শুৱনি কৰা প্ৰণতি ফুকন ছ’চয়েল মিডিয়াতো নিষ্ক্ৰিয় সামাজিক জীৱনৰ প্ৰতি যেন তেওঁৰ কোনো গুৰুত্বই নাই এতিয়া একান্তই ব্যক্তিগত জীৱন যাপন কৰিছে প্ৰণতি ফুকনে৷ এসময়ত দলীয় কৰ্মীৰে গিজগিজাই থকা ফুকনৰ ঘৰ বৰ্তমান খা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial