আই লাভ ইউ বুলি বাৰম্বাৰ কোৱাৰ পিছতো এচেপ্ট হোৱা নাছিল প্ৰেম প্ৰস্তাৱ৷ পিছে ADREৰ ৰিজাল্টে একেদিনাই অমিল কথাবোৰ মিলাই পেলালে৷ কল্পনাৰ প্ৰেমাস্পদে আজি ক’লে, হ’ব দিয়া, আমি নিমিলা কথাবোৰ মিলাই ল’ম৷ প্ৰেমিক অথবা প্ৰেমিকাই আজি হিমন্ত বিশ্ব শৰ্মাৰ বদৌলতত চাকৰি পালে আপোনালোকে সম্ভৱতঃ গ্ৰামাঞ্চলত বিয়া পাতি দিয়া ঘটকৰ নাম শুনিছে. প্ৰতিখন গাঁৱতে বিয়া বিশেষজ্ঞ এজন থাকেই৷ সেইজনক আপোনালোকেও চিনি পায়৷ কিন্তু অসমৰ সবাতোকৈ ডাঙৰ বিয়াৰ ঘটকেই হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ দিনতে টেটৰ চাকৰি দি তেওঁ কিমানক গত লগাই দিলে হিচাপেই নাই হিমন্ত বিশ্ব শৰ্মাৰ বাবে সফল হ’ল বহুতৰে প্ৰেমকাহিনী এইবাৰ আকৌ ADREৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই প্ৰেমৰ জঁট খুলি দিছে চাকৰি বিচাৰি বিচাৰি হতাশ হৈ পৰা যুৱকক দিছে স্থায়ী উপাৰ্জনৰ পথ একেদিনাই হোৱাটছএপ মেছেজত প্ৰেয়সীয়ে দিছে লাভ ৰিয়েক্ট