মুঠতে অসমক চাৰিওফালৰ পৰা চেঁপিছে

ভুৱা GST চালানেৰে দৈনিক সৰবৰাহ কৰি থকা হৈছে কোটিটকাৰ সামগ্ৰী কয়লাৰ পৰা চুপাৰীলৈ ভিন্নতৰহৰ সামগ্ৰী অসমৰ পৰা বংগৰ মাজেৰে বিহাৰপৰ্যন্ত প্ৰেৰণ কৰা হৈছে ফলত ৰাজকোষৰ কোটিটকাৰ ক্ষতি হৈছে অভিযোগ অনুসৰি এই কাণ্ডৰ সৈতে জড়িত আছে প্ৰাণজিৎ মণ্ডল, জয়কুমাৰ আগৰৱালা, হৰেন মাহাতো, ধীৰাজ ঘোষ, বিনয় বৰ্মন নামৰ কেবাজনো লোক তেওঁলোকে অভিনৱ কৌশলেৰে কয়লা, হালধি, বিড়ি, চুপাৰী, পাণ মচলা আদি সৰবৰাহ কৰিছে তেওঁলোকৰ সৈতে CGST, IGST, SGST আদিৰ দায়িত্বশীল বিষয়া জড়িত হৈ থকাৰ অভিযোগ উঠিছে এই দলটোৰ আছে অদ্ভুট কৌশল তেওঁলোকে ম্যানমাৰৰ পৰা সৰবৰাহ কৰা চুপাৰী বিহাৰলৈ প্ৰেৰণৰ সময়ত অস্তিত্বহীন ফাৰ্মৰ নামত GST চালান প্ৰস্তুত কৰে অবৈধ সৰবৰাহকাৰীক চালান দিয়ে GSTৰ দায়িত্বশীল বিষয়াই চেছ আৰু আন ৰাজ্যিক কৰো তেওঁলোকে একেটা কৌশলেৰে ফাকি দিছে ডিমাপুৰৰ বি ফ’ম নামৰ এজন লোকে দেশৰ সীমান্তৰ পৰা বিহাৰপৰ্যন্ত বিয়পি থকা ভুৱা GST চালান গেঙৰ কথা উদঘাটন কৰিছে তেওঁ দিল্লীলৈ এই সংক্ৰান্তত প্ৰেৰণ কৰিছে পত্ৰ তাৰ মাজতে আজি কয়লা মাফিয়াৰ ঘাটীত অভিযান চলাইছে কৰ , GST আৰু সীমা শুল্ক বিভাগে শুভম জৈন, সন্দীপ জৈন আৰু প্ৰিন্স জৈনৰ কয়লাৰ ঘাটিত চলোৱা হৈছে অভিযান তেওঁলোকৰ বিৰুদ্ধেও ভুৱা GST চালানৰে অভিযোগ উঠিছে কিন্তু এই ঘটনাৰ ফলত যে ৰাজকোষৰ অভাৱনীয় হানি হৈছে সেয়াও খাটাং প্ৰতিদিনে ৰাজকোষে হেৰুৱাইছে কেবাকোটি টকা বিভাগীয় বিষয়া আৰু ছিণ্ডিকেট মাফিয়াৰ বন্ধুত্বই পৰিস্থিতি বিপজ্জনক কৰি তুলিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial