কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল অৰ্থাৎ যদি জিলাধিপতিয়ে বিচাৰে তেন্তে জিলাখনত এটাও চোৰে অঘটন ঘটাব নোৱাৰে৷ জিলাৰ মুৰব্বী আৰক্ষী বিষয়াই সকলোকে নজৰ বন্দী কৰি ৰাখে৷ কিন্তু তাৰ পিছতো ৰাজ্যত চোৰৰ উৎপাত বাঢ়িছে৷ গৃহমন্ত্ৰীয়ে সকলো জিলাতে নিয়োজিত কৰিছে সুদক্ষ বিষয়াক৷ তথাপি সৰুসজাই পৰাই চোৰে নিছে মটৰ চাইকেল৷ যিখন বেলতলাত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰে ঘৰ তাতেই হৈছে ডকাইত
vo-এইবাৰ চাওক, ৩০ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি আহিল, ক’তো একো নহ’ল৷ কিন্তু অসমত সোমোৱাৰ পিছতে অথন্তৰৰ সন্মুখীন হ’ল ৰাইডাৰ ননী৷ মেকুৰীজনীৰ সৈতে ভাৰত ভ্ৰমণ কৰি থকা ননীৰ সহযোগীৰ মটৰ চাইকেল চুৰি কৰি নিলে অসমৰ চোৰে৷ অসমক বদনামী কৰি কোনে মটৰ চাইকেলখন সৰুসজাইৰ অতিথিশালাৰ পৰা চুৰি কৰি নিলে তাৰ শুংসূত্ৰ এতিয়ালৈ ওলোৱা নাই গতিকে গুৱাহাটী পুলিচৰ দক্ষতাক লৈয়ো প্ৰশ্নৰ স্বাভাৱিকতে উদ্ৰেক হৈছে কাৰণ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে পুলিচৰ শীৰ্ষ বিষয়াই সকলোকে নজৰত ৰাখিব পাৰে বুলি অভিহিত কৰিছিল৷ তাৰ পিছতো আলহী ৰাইডাৰৰ মটৰ চাইকেলেই চোৰে দাঙি লৈ গ’ল৷ গুৱাহাটী পুলিচৰ অদক্ষতাৰ বাবেই অসমৰ বদনাম হ’ল৷ গতিকে এই ঘটনাৰ ৰহস্য ভেদ কৰাটো পাৰ্থসাৰথি মহন্তৰ বাবেও চেলেইঞ্জ
মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে চোৰ নজৰবন্দী হৈ আছিল নেকি?
