অসমত ১৯৫০ দৰেই বৰভূঁইকঁপ হোৱাৰ আগলি বতৰা

অসমত আকৌ হ’ব পাৰে বৰভূঁইকঁপ৷ একেৰাহে হৈ থকা ভূমিকম্পই সম্ভাৱ্য দুৰ্যোগৰে আশংকা জন্মাইছে৷ কিন্তু ভূ-বিজ্ঞানীৰ বিশ্লেষণতো ভয়ংকৰ তথ্য ধৰা পৰিছে৷ সেই অনুসৰি ক্ৰমে হিমালয় পৰ্বৰত উচ্চতা বাঢ়িছে৷ সমানুপাতিকভাৱে সমুদ্ৰ গৰ্ভৰো অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে৷ ফলত অস্থিৰ হৈ পৰিছে টেক্টনিক প্লেট৷ বিশেষকৈ ভূ-গৰ্ভৰ ইণ্ডিয়ান প্লেট থৰক-বৰক হৈ পৰিছে৷
আজি ভয়ংকৰ ভূমিকম্পই ধৰিত্ৰী কঁপাই যোৱাৰ পিছত ভূ-বিজ্ঞানীয়ে প্ৰকাশ কৰিছে সংশয়৷ বিশেষকৈ অসমৰ আশে-পাশেই ভূমিকম্পৰ অভিকেন্দ্ৰ ধৰা পৰাটো বিপজ্জনক বুলি ৰাজ্যৰ এজন জ্যেষ্ঠ ভূ-বিজ্ঞানীয়ে প্ৰকাশ কৰিছে৷ প্ৰচাৰিত খবৰ অনুসৰি সঘনাই ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত ক্ৰমে দুৰ্বল হৈ পৰিছে টেক্টনিক প্লেট৷ এই আচহুৱা পৰিঘটনাৰ ফলত হিমালয় পৰ্বতৰ উচ্চতা ক্ৰমে বৃদ্ধি হৈছে৷ ইয়াৰ ফলত এঢলীয়া হৈ পৰিছে ইণ্ডিয়ান প্লেট৷
এনেবোৰ কাৰণতে ভাৰত উপ-মহাদেশত ভূমিকম্পৰ মাত্ৰা বাঢ়িছে বুলি ভূ-বিজ্ঞানীয়ে অনুমান কৰিছে৷ তেওঁ প্ৰকাশ কৰা মতে সঘন ভূমিকম্পই ১৯৫০ৰ বৰভূঁইকঁপৰ দৰে বিপৰ্যয়ৰ আগলী বতৰা দিছে৷
ধৰিত্ৰী কঁপোৱা ভূমিকম্পৰ প্ৰাবল্য ক্ৰমে বৃদ্ধি হোৱাৰ ফলত প্ৰভাৱিত হৈছে ভূ-গৰ্ভ৷ ফলত মধ্যম পৰ্যায়ৰ জোকাৰণিতে যে ভূমিকম্পই বিধ্বংসী ৰূপ ল’ব সেয়া অৱধাৰিত হৈ পৰিছে৷
ৰাজ্যত ১৯০০ আৰু ১৯৫০ চনত অহা ভূমিকম্পই কিন্তু কৰিছিল অপূৰণীয় ক্ষতি৷ গতিকে অনাগত সময়তো আকৌ সূচনা হব পাৰে ভয়াৱহ দুৰ্যোগৰ৷ গতিকে সাৱধান হওক ৰাইজ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial