বাগিচাতো অসমীয়াই কাম কৰিবলৈ বিচৰা নাছিল!

কথাবোৰ ঝুমইৰ বিনন্দিনীতে শেষ হোৱা নাই৷ আচল কথাবোৰ শুনক, চাহগছত সোণ লাগে বুলি কৈ অসমলৈ ওড়িষাৰ পৰা বগা চাহাবে আনিছিল শ্ৰমিক৷ যি পিছলৈ অসমীয়া সমাজ জীৱনতে জাহ গ’ল৷ কিন্তু সেই পৰিস্থিতিৰ সৈতে বৰ্তমানক মিলাই চাওকচোন! আগতে অসমীয়া মানুহো এনেকুৱা নাছিল ১৮৮৮ চনত গুণাভিৰাম বৰুৱাই লিখিছিল- অসমীয়া মানুহৰ আকালো নাই ভৰাঁলো নাই সেয়ে ব্ৰিটিছে পতা চাহ বাগিচাত শ্ৰম কৰিবলৈ অসমীয়া শ্ৰমিক নাছিল অসমীয়া মানুহৰ খেতি-খোলা পৰ্যাপ্ত আছিল, সেয়ে আনৰ তলত কাম কৰাৰ দৰকাৰ নাছিল সেয়ে বাহিৰৰ পৰা সস্তীয়া শ্ৰমিক আমদানি কৰিবলগীয়া হৈছিল। সেইসকলেই এতিয়া চাহ শ্ৰমিক হিচাপে পৰিচিত৷ কিন্তু এতিয়াৰ অসমৰ আৰ্থ-সামাজিক পৰিস্থিতি মিলাই চাওকচোন! ৰাজ্যৰ ভিতৰত কৰ্মসংস্থাপন নাই সেয়ে অসমীয়া যুৱকে কাম বিচাৰি বাংগালুৰুলৈ দৌৰিবলগীয়া হৈছে অসমত ধন ঘটাৰ সুবিধা নাই বাবে কেৰালা, হায়দৰাবাদত গৈ ছিকিউৰিটী গাৰ্ডৰ কাম কৰিবলগীয়া হৈছে অসমৰ পাহোৱাল ডেকাই যিখন অসমৰ চাহ বাগিচাত কাম কৰিবলৈয়ো থলুৱা শ্ৰমিক নাছিল, সেইখন ৰাজ্যৰে ডেকাই বাহিৰত সস্তীয়া শ্ৰমিক হিচাপে নিয়োগ হৈছে পৰদেশত কুকুৰ-মেকুৰীৰ নিচিনাকৈ মৰিছে অসমীয়া ডেকা হায়দৰাবাদত কোনোবাই মাৰি পেলাইছে কাম বিচাৰি যোৱা অসমীয়া ল’ৰাক বিহাৰতো ৰে’লত মৰিছে কোনোবা আন কোনোবা আকৌ নিৰুদ্দেশ হৈছে মনত ৰাখিব, এইসকল কিন্তু এসময়ত অসমতে আনৰ তলত কাম কৰিবলৈ ইচ্ছা নকৰা অসমীয়াৰে উত্তৰ পুৰুষ গান্ধীবাদী তথা ভূ-দান যজ্ঞৰ হোতা বিনোৱা ভাৱেই দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰাৰ সময়তো প্ৰায়ে সুধিছিল ইয়াত কোনোবা অসমৰ মানুহ আছে নেকি হাত দাঙক। কিন্তু তেওঁ ক’তো অসমৰ প্ৰবাসী বিচাৰি পোৱা নাছিল পিছে সেইখন অসমৰে হাজাৰ-হাজাৰ ডেকাল’ৰা এতিয়া হায়দৰাবাদ, বাংগালুৰুত হাতত লাঠী লৈ ছিকিউৰিটী গাৰ্ড হৈ আছেগৈ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial