তৰুণ গগৈৰ দৰেই সৌভাগ্যৱান হিমন্ত বিশ্ব শৰ্মা আগদিনা গুৱাহাটীত হৈছিল কৃত্ৰিম বান৷ কিন্তু পিছদিনাই আছিল তৎকালীন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ অসম ভ্ৰমণ৷ কিন্তু গগৈক সেইবাৰো অদৃষ্টই ৰক্ষা কৰিলে৷ পিছদিনা ৰ’দ ওলাল৷ গুৱাহাটীৰ পানীও শুকাল৷ তেতিয়া বহুতে কৈছিল, গগৈদেউ, আপুনি সঁচাকৈ ভাগ্যৱান৷ তৰুণ গগৈক অসমৰ ইতিহাসৰ সবাতোকৈ সৌভাগ্যশালী মুখ্যমন্ত্ৰী বুলিও উপমা দিয়া হৈছিল৷ কিন্তু একালৰ তৰুণ গগৈৰ পুত্ৰসম শিষ্য হিমন্ত বিশ্ব শৰ্মাও জানো কম ভাগ্যৱান? এতিয়া চাওক, ঝুমইৰ বিনন্দিনীৰ আগতে বতৰ গোমা আছিল আঞ্চলিক বতৰ বিজ্ঞান বিভাগেও দিছিল বৰষুণৰ আগজাননী৷ দেওবাৰে ড্ৰেছ ৰিহাৰ্ছেলৰ সময়তো পাতলিয়াকৈ হৈছিল এজাক বৰষুণ৷একেসময়তে উত্তৰ অসমৰ কেবাখনো ৰাজ্যত ডাঙৰকৈয়ে ধুমুহা হৈছিল৷ গতিকে বিনন্দিনী ঝুমইৰক লৈ সন্দেহ আছিল৷ বৰষুণে সৰুসজাই ষ্টেডিয়ামত নাচিবলৈ সুবিধা নিদিব বুলিয়েই আগলি বতৰা দিছিল বতৰ বিজ্ঞান বিভাগে৷ পিছে তেনে একোৱেই নহ’ল৷ হিমন্ত বিশ্ব শৰ্মাও যে তৰুণ গগৈৰ দৰেই ভাগ্যৱান সেয়া বৰুণ দেৱতাই প্ৰমাণ কৰিলে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত যদি বতৰে বিধি-পথালি দিলেহেঁতেন তেন্তে ৰাজনৈতিক লাভালাভৰ সুযোগৰো অৱকাশ নাছিল কিন্তু মোদীৰ উপস্থিতিৰ সময়ত ফৰকাল হ’ল আগদিনালৈ গোমা হৈ থকা বতৰ মুক্ত মনেৰে বিনন্দিনী ঝুমইৰ নাচিবলৈ নাচনীয়ে পালে সুবিধা৷ সকলোৱে সৰুসজাই ষ্টেডিয়ামত প্ৰাণ বৰি নৃত্য কৰিলে৷ মোদীয়েও দিলে দীঘলীয়া ভাষণ৷ দবা কোবাই তেওঁ ঘোষণা কৰিলে নৃত্যৰ আৰম্ভণিৰ কথা৷