মোদীৰ উপস্থিতিত সমাধান কৰা হওক সমস্যা

ব্যস্ততাৰ মাজতো নৰেন্দ্ৰ মোদী অসমলৈ আহিব৷ কিন্তু তেওঁৰ ভ্ৰমণকালত এটা কথা উত্থাপন কৰা হওক! সেই বিষয়টো হৈছে মৰাণসকলৰ নাগৰিকত্ব আচৰিত কথাটো হৈছে যে এই ভূমিপুত্ৰসকল এইপৰ্যন্ত নাগৰিকত্বহীন তেওঁলোক অসমৰো নহয় অৰুণাচলৰো নহয় বৰঅসমৰ পৰা অৰুণাচলে যেতিয়া সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰি যেতিয়া সীমা নিৰ্ধাৰণ কৰিছিল তেতিয়া শদিয়াৰ অন্তৰ্গত মৰাণ, আহোম, কছাৰী, মিচিং, দেউৰী আৰু আদিবাসী বসতিপূৰ্ণ অৰ্ধশতাধিক গাঁও আৰুণাচলত সোমাইছিল সেই লোকসকলে পূৰ্বে পাইছিল মাটিৰ পট্টা আৰু নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ৷ কিন্তু তেওঁলোকক অসমৰ বাসিন্দা বুলি অৰুণাচল চৰকাৰে পিছলৈ স্থায়ী নাগৰিকত্ব কৰ্তন কৰিলে এই বিষয়টোকে লৈ শেহতীয়াকৈ ৰাজ্যখনৰ ৩৯ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত সদৌ মৰাণ ছাত্ৰ সন্থাৰ লেকাং আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীৰ সতে খণ্ডযুদ্ধত লিপ্ত হৈছিল ইয়াৰ পিছতে ইটানগৰত অৰুণাচলী ছাত্ৰ সংগঠনে মৰাণসকলক কোনো কাৰণতে অৰুণাচলত স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিবলৈ নিদিওঁ বুলি স্পষ্ট কৰি দিলে পৰৱৰ্তী সময়ত সংগঠনৰ দাবী অনুসৰি প্ৰতিবাদী মৰাণ ছাত্ৰসকলৰ ওপৰত মহাদেৱপুৰ আৰক্ষীয়ে ৰাজদ্ৰোহৰ গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিলে লগে লগে অঞ্চলটোৰ শ শ মৰাণ ৰাইজ আহি মহাদেৱপুৰ থানা ঘেৰাও কৰাত ছাত্ৰ কেইজনক এৰি দিলে, কিন্তু গোচৰটো প্ৰত্যাহাৰ নকৰিলে তাৰ পিছত ডিৰাক গে’টৰ আৰক্ষী নিৰীক্ষণ চকীৰ সন্মুখত বহি ৰাইজে অৱৰোধ কৰিলে পথ কিন্তু এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে অসম বা অৰুণাচল চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে মোদীৰ উপস্থিতিত ভূমিপুত্ৰ মৰাণসকলৰ নাগৰিকত্বৰ বিষয়ে কৰা হওক আলোচনা দেশৰ আদিম অধিবাসী হৈয়ো তেওঁলোক এতিয়াও কিয় PRCৰ পৰাই বঞ্চিত হৈ আছে সেই বিষয়েও চয়-নিশ্চয় কৰা হওক

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial