সৰ্বানন্দ সোণোৱালৰ শাসনৰ কথা৷ মেট্ৰিকত থাৰ্ড ডিভিজন পোৱাৰ পিছত উচ্চতৰ মাধ্যমিকত ফেইল কৰিছিল বিশেষ যুৱকজনে কিন্তপ তাৰ পিছতো APS হোৱা বুলি বৰ্ণনা কৰিছিল ভিতৰুৱা গাঁৱৰ যুৱকজনে৷ তেওঁৰ মনোবলক প্ৰশংসা কৰিছিল তৎকালীন মুখ্যমন্ত্ৰীজনে৷ কিন্তু বৰ্তমান কোনে মেট্ৰিকত কি ডিভিজন পাইছিল সেইবোৰ আলোচনা বৰ্তমান তুংগত উঠিছে অখিল গগৈৰ পত্নীক কেন্দ্ৰ কৰি বহুতে বহু কথা কৈছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনো হৈ পৰিছে সৰৱ৷ কিন্তু অসম চৰকাৰৰ জ্যেষ্ঠ আমোলা নাৰায়ণ কোঁৱৰে সেই হিচাপে চাবলৈ গ’লে চাকৰিৰ বাবে অযোগ্য কাৰণ তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত তৃতীয় ডিভিজন পাইছিল এই কথাটো নাৰায়ণ কোঁৱৰে নিজেই স্বীকাৰো কৰিছিল একেদৰে সৰোজ হোমী কাপাডিয়া নামৰ অখ্যাত লোকজন পূৰ্বে আছিল চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী কিন্তু সাধনাৰ বলত তেওঁ ছুপ্ৰিম ক’ৰ্টৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈছিল৷ কেৱল সেয়াই নহয়, মাৰ্কশ্বীটৰ নম্বৰে যে কেৰিয়াৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সেই কথাটো বিদ্বান পণ্ডিতে বাৰে বাৰে বৰ্ণনা কৰিছে কিন্তু সকলোকে উলাই কৰি এতিয়া অসমত আৰম্ভ হৈছে মাৰ্কশ্বীট ৰাজনীতি মেধাক নম্বৰৰ তুলাচনীৰে জোখাৰ ঘৃণনীয় ৰাজনীতিয়ে কিন্তু ক্ষতি দীঘলীয়া কৰিব গতিকে শীঘ্ৰে সমাপ্ত হওক মাৰ্কশ্বীট ৰাজনীতি