চাৰি বছৰে প্ৰেম কৰি আছিল কিন্তু যৌতুকৰ লোভত বিয়া পাতিবলৈ অমান্তি হৈছিল প্ৰেমিক প্ৰেয়সীৰ পৰিয়ালে যৌতুক নিদিয়ে বুলি জনাৰ পিছত বিয়া কেন্সেল কৰি দিছিল প্ৰেমিকে কিন্তু প্ৰেমিকাও আঁকোৰগোজ, যৌতুক অবিহনেই পাতিব লাগিব বিয়া কিন্তু বিহাৰৰ দৰায়ো নামানে তেওঁকো লাগিব ২০ লাখ টকাৰ যৌতুক অন্যথা বিয়া নাপাতে বুলি কৈ দিলে চাৰিবছৰে প্ৰেম কৰি থকা প্ৰেমিকে পূৰ্বে অৱশ্যে প্ৰেমিক-প্ৰেমিকাৰ মাজত চুক্তি হৈছিল৷ শিক্ষক প্ৰেমিকে বি এছ চি পাছ কৰাৰ পিছতে বিয়াখন পাতিব৷ কিন্তু পিছলৈহে তেওঁ যৌতুকৰ লোভত বেলেগ ছোৱালী বিচাৰিলে পিছে প্ৰেমিকাৰ আঁকোৰগোজ স্থিতিত পৰিয়ালো বিপাঙত পৰিল গতিকে তেওঁলোকে উপায় বিচাৰি উলিয়ালে৷ চৰকাৰী চাকৰি কৰা প্ৰেমিকক পৰিয়ালৰ লোকে গুণ্ডা লগাই অপহৰণ কৰিলে প্ৰতিশ্ৰুতি ভংগ কৰা যুৱকজনক ধৰি-বান্ধি প্ৰেমিকাৰ ঘৰলৈ নিয়া হ’ল অপহৰণ কৰি নিয়া ভেৰোণীয়া গুণ্ডাই প্ৰেমিকক প্ৰেমিকাৰ পৰিয়ালৰ হাতত চমজাই দিলে তাৰ পিছতে ততালিকে আৰম্ভ কৰা হ’ল বিবাহ আগতেই গোট খোৱা লোকসকলৰ উপস্থিতিত দৰাক মাৰ-পিট কৰি কইনাৰ শিৰত সেন্দূৰ দিবলৈ বাধ্য কৰোৱা হ’ল তাৰ পিছতো দৰাই মংগলসূত্ৰ পিন্ধাবলৈ অস্বীকাৰ কৰিলে৷ কিন্তু আকৌ ভয় দেখুৱাই দৰাৰ হাতেৰে কইনাৰ ডিঙিত পিন্ধোৱা হ’ল মংগলসূত্ৰ ততালিকে দৰা-কইনাৰ সাত ফেৰেও সম্পন্ন কৰা হ’ল ধৰ্মীয় নিয়ম পালন কৰাৰ পিছতহে দৰাক পিটিবলৈ এৰিলে কইনাৰ পৰিয়ালে মুঠতে দাবী-ধমকিৰ মাজতে বিয়াখন হৈ গ’ল যৌতুকৰ লোভত প্ৰেম প্ৰত্যাখ্যান কৰা মাষ্টৰেও পাতিবলগীয়া হ’ল বিয়া