আৰু এগৰাকী সুন্দৰীৰ আৱিৰ্ভাব

চুলি মেলি সুন্দৰীয়ে যেতিয়া হাঁহে তেতিয়া যেন ৰৈ যায় বতাহ পিন্নোনত বক্ষৰ ৰূপহীয়ে ওঁঠ কামুৰি মৰা বিশেষ হাঁহিটো দেখিলেই বহু পুৰুষৰে আকৌ ডেকা হ’বলৈ মন যায় অৱশ্যে নহ’বনো কিয়, মাকৰ দৰেই জীয়েকজনীও ধুনীয়া এতেকে মাতৃৰ দৰেই অভিনয় জীৱনলৈ আগবাঢ়িছে জাহ্নৱী মেহতা সাইলাখ মাকৰ দৰেই ৰূপৱতী জাহ্নৱীয়ে বলীউডত আত্মপ্ৰকাশৰ বাবে লাভ কৰিছে প্ৰযোজকৰ অফাৰ জাহ্নৱী মেহতাৰ মাতৃ হৈছে সকলোৰে চিনাকি জুহি চাওলা৷ শ্বাহৰুখ খানৰ অমৰ প্ৰেয়সীৰ চৰিত্ৰত অভিনয় কৰা জুহিৰ কন্যাও ক্ৰমে হৈ উঠিছে গাভৰু চিনেমাত অভিনয় নকৰিলেও জাহ্নৱী অৱশ্যে ব্যৱসায়ত ইতিমধ্যে সফল হৈছে তেওঁ IPLৰ দল কলকাতা নাইট ৰাইডাৰ্ছৰ অন্যতম সঞ্চালক৷ IPLৰ দলটোত জুহি চাওলাৰ শ্বেয়াৰ জাহ্নৱীয়েই পৰিচালনা কৰে তেওঁ হৈছে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী গতিকে বলীউডত জাহ্নৱী ব্ৰেইন উইথ বিউটী বুলিয়েই জনাজাত৷ জাহ্নৱী আকৌ IPLৰ নিলামৰ সময়তো উপস্থিত থাকে তেওঁৰ সৌন্দৰ্যই পোহৰাই তোলে নিলামৰ কক্ষ সেইগৰাকী ৰূপহীয়েই চিনেমাত অভিনয় কৰিবলৈ সাজু হৈছে এইবছৰতে মুক্তি পাবলগীয়া হিন্দী চিনেমাৰ বাবে চুক্তিবদ্ধ হৈছে জাহ্নৱী কাপুৰ চহকী পিতৃ জয় মেহতাৰ কন্যা অৱশ্যে এতিয়াই কোটিপটি পিতৃৰ ব্যৱসায়সূত্ৰে ২৩ বছৰীয়া জাহ্নৱীৰ নামত আছে ৪০ কোটি টকাৰ সম্পত্তি কিন্তু অভিনেত্ৰী হিচাপেও সমানে সুখ্যাতি অৰ্জন কৰিবলৈ প্ৰস্তুত হৈছে জাহ্নৱী৷ সেয়ে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ শিকি আছে অভিনয়

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial