ৰিম’ভাৰেৰে চাফা কৰি গ্ৰাহকক বিক্ৰী কৰিছে ব্ৰেড আৰু বেকাৰী ওচৰৰ দোকানখনৰ পৰা ব্ৰেড কিনাৰ সময়ত আপুনি সম্ভৱত লুটিয়াই লুটিয়াই তাৰিখটো চায় দোকানীকো আপুনি সোধে- ব্ৰেডটো আজিৰনে? কিন্তু সেইদিনাই তৈয়াৰ কৰা বুলি লিখা থকাৰ ব্ৰেডটো কেতিয়াৰ সেয়া কোনেও নাজানে দোকানীয়েও আজিৰ বুলি ক’লেও বিক্ৰী হৈ থকা ব্ৰেড অথবা কেকটো কেতিয়াৰ সেয়াহে কোনেও নাজানে আপুনি ধন ভৰিও একেদিনাই প্ৰস্তুত কৰা বেকাৰীজাতীয় খাদ্য কেতিয়াও খাবলৈ নাপায় এয়াই হৈছে বাস্তৱ সত্য বেকাৰী প্ৰতিষ্ঠানে বিক্ৰী কৰা সামগ্ৰীৰ পেকেটৰ উৎপাদনৰ তাৰিখ ৰিম’ভাৰেৰে আঁতৰাই পেলায় বিক্ৰেতাই অৰ্থাৎ ব্ৰেড বা বেকাৰী সজীৱ বুলি দেখুৱাবলৈ তাৰিখ মোহাৰি পেলোৱা হৈছে এইবোৰেই গ্ৰাহকক কেবাদিনৰ পিছত
বিক্ৰী কৰিছে পাইকাৰী বিক্ৰেতাই গুৱাহাটী আৰু নগাঁৱকে ধৰি বিস্তীৰ্ণ প্ৰান্তত এইদৰেই গেলা-পচা ব্ৰেড গ্ৰাহকক বিক্ৰী কৰি থকা হৈছে এনে কাণ্ড ধৰা পেলাবলৈ কিন্তু কেতিয়াও ব্যৱস্থা গ্ৰহণ কৰা নাই খাদ্য সুৰক্ষা বিভাগে ফলত ধন ভৰি অসমৰ ৰাইজে কিনিছে গেচা-পচা ব্ৰেড অথবা বেকাৰী
ৰিম’ভাৰেৰে মোহাৰিছে ব্ৰেড
