শংকৰ সংঘ হ’ব নেকি বিভাজিত! কাজিয়া লগাব বাবুল বৰাই প্ৰতিনিধি সভাত হ’ব উত্তপ্ত পৰিৱেশ অৰ্থ অশৌচৰ অপৰাধত শাস্তিৰ সন্মুখীন হৈছে যদিও শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰত কমা নাই বাবুল বৰাৰ প্ৰতাপ৷ প্ৰাক্তন সাধাৰণ সম্পাদকৰ সৈতে আছে কেবাখনো জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কৃত হৈছে যদিও বাবুল বৰাৰ সমৰ্থকে কেন্দ্ৰীয় কমিটীতো স্থান লাভ কৰিছে তেওঁলোকে এতিয়ালৈ অৱশ্যে তাপ মাৰি আছে কিন্তু যোৰহাট অধিৱেশনৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিবলৈ হৈছে সাজু বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাবুল বৰাৰ শিষ্যসকলে সোণাৰাম চুতীয়া ক্ষেত্ৰৰ অধিৱেশনত হুলস্থুল কৰিব তেওঁলোকে কৰ্ণধাৰৰ বৈঠকত আন কেবাজনো বৰমূৰীয়াৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ উত্থাপন কৰিব দাবী এইপৰ্যন্ত নিমাতে আছে যদিও শীঘ্ৰে ৮ খন জিলা কমিটীত থকা বাবুল বৰাৰ অনুগত সদস্যই প্ৰতিনিধি আু বিষয়বাছনি সভাত হাহাকাৰৰ সৃষ্টি কৰিব আমি লাভ কৰা খবৰ অনুযায়ী বৰ্তমানৰ এজন শীৰ্ষ বিষয়াৰ দুৰ্নীতিৰ তথ্য অনুগত সতীৰ্থক বাবুল বৰাই প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিত লিপ্ত শংকৰ সংঘৰ নেতাজনৰ অপকৰ্মৰ নথিও প্ৰদান কৰিছে বাবুল বৰাই একেদৰে এইবাৰ নিৰ্বাচিত হোৱা আন এজন কৰ্মকৰ্তাৰো জালিয়াতিৰ তথ্য বাবুল বৰাৰ হাতত আছে গতিকে সকলোকে আক্ৰমণ কৰিবলৈ অনুগতক দায়িত্ব দিছে বৰাই সেয়ে উত্তপ্ত হ’ব শংকৰ সংঘৰ অধিৱেশন৷ প্ৰতিনিধি সভাত লাগিব পাৰে দৌৰাদৌৰি