মোদীৰ ফটোযুক্ত বেগ ছপা কৰিবলৈ খৰচ হৈছে কোটি কোটি টকা সূলভ মূল্যৰ চাউল দিবলৈ তৈয়াৰ কৰা বিশেষ বেগটোৰ নামত চৰকাৰে অযথা ধন খৰচ কৰি আছে ভাৰতীয় খাদ্য নিগমৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এটা বেগ তৈয়াৰ কৰিবলৈ বৰ্তমান প্ৰায় ১৭ টকা খৰচ কৰা হৈছে বেগটোত মোদীৰ ফটো লগাই ছপা কৰাৰ বাবে বাঢ়িছে খৰচ৷ পূৰ্বে RTI আবেদনত প্ৰকাশিত খবৰ অনুসৰি কেৱল ৰাজস্থানতে মোদীৰ ফটোযুক্ত বেগ চিলাবলৈ ১৩ কোটিৰো বেছি টকা খৰচ কৰা হৈছিল তেতিয়া গৰীব কল্যাণ যোজনাৰ অধীনত দৰিদ্ৰক চাউল বিতৰণৰ বাবে ব্যৱহৃত এটা বেগৰ বাবে ১৩ টকাকৈ খৰচ হৈছিল কিন্তু বৰ্তমান বাঢ়িছে বেগ চিলোৱাৰ খৰচ৷ আমি লাভ কৰা খবৰ অনুসৰি মোদীয়ে হাঁহি থকা ফটোযুক্ত বেগ তৈয়াৰ কৰিবলৈ মূলতঃ পাঁচটা কোম্পানীক টেণ্ডাৰ দিয়া হয় ইয়াৰে দুটা গুজৰাটৰ গুজৰাটী কোম্পানীয়েই অধিক হাৰত বেগ যোগান ধৰে কিন্তু কেৱল অসমতে মোদীৰ ফটোযুক্ত বেগ চিলোৱাৰ বাবে মাহিলী খৰচ হয় ২০ কোটিৰো বেছি টকা এই ধনৰ বেছিভাগ গুজৰাটী কোম্পানীয়েই লাভ কৰে কিন্তু যদি মোদীৰ ফটোযুক্ত বিশেষ বেগটো বন্ধ কৰি দিয়া হয় তেন্তে দৰিদ্ৰৰেই লাভ হ’ব