গ’ল্ড ফেচিয়েল কৰা মুখত সোণোৱালী চিকমিকনি৷ হাইলাইট কৰা চুলিবোৰ ৰ’দত ধাৰাল তৰোৱালৰ দৰে জিলিকিছে৷ হেলমেটেও ঢাকি ৰাখিব পৰা নাই আয়তাকাৰ মুখমণ্ডলৰ সৌন্দৰ্য৷ উৰন্ত বাইকত ফুৰন্ত মামনিয়ে বিলাই গৈছে পাৰফিউমৰ সুগন্ধ৷ বনলতা সেনৰ কথাও পাহৰি যাব পৰাকৈ সাজি-কাচি নাৰীকুল ওলাই আহিছে৷ চহৰৰ প্ৰতিটো পথত সিঁচি গৈছে অপৰূপ শোভাৰ আভা৷ প্ৰতিখন দেৱালেই হৈছে সৌন্দৰ্যৰ সাক্ষী৷ কিন্তু কথা এটা আছে, বহুতৰে আকৌ সৰস্বতী পূজাত প্ৰথমে যাত্ৰা হয় লক্ষ্যবিহীন কিন্তু হ’লে কি হ’ব- সৰ্বশেষত লক্ষ্যই চুম্বকৰ দৰে আকৰ্ষণ কৰে আৰোহীক৷ এচামৰ আজিৰ দিৱসৰ বিশেষ লক্ষ্য কিন্তু OYO ইতিমধ্যে OYO হোটেলে ঠাইবিশেষ কেৱল দম্পতিকহে ৰূম দিয়াৰ নিয়ম কৰিছে অসম মুলুকত সেই নিয়ম লাগু নোহোৱাৰ সুবিধা লৈ আজি OYO হোটেলত ভিৰ হৈছে হোটেল কৰ্তৃপক্ষয়ো আদৰণি জনাইছে ক্ষন্তেকীয়া গ্ৰাহকক কাৰণ OYOই ২৪ ঘণ্টাৰ বাবেই ৰূম ভাৰা দিয়ে৷ পিছে আজিৰ গ্ৰাহক মাত্ৰ ডেৰ-দুঘণ্টাৰহে হয় আলহী কাকো আমনি নকৰাকৈ তেওঁলোকে ত্যাগ কৰে হোটেল ধন পৰিশোধতো নকৰে কৃপণালী গুৱাহাটীৰ এখন OYO হোটেলে কেৱল সৰস্বতী পূজাতে এটা ৰূমত ৩৮ হাজাৰ টকাৰ বেপাৰ কৰিছে এটা ৰম কেবাজনো অতিথিক ভাৰা দি তেওঁলোকে পইচা ঘটিছে একেখন ছবি দৃষ্টিগোচৰ হৈছে নগাঁও আৰু যোৰহাটতো OYO হোটেলহে হৈ পৰিছে উপাসনাস্থলীৰ দৰে OYO হোটেলৰ সন্মুখৰ পাৰ্কিং ভৰি পৰিছে, অৱশ্যেই তাত আছে ক্ষন্তেকীয়া আলহীৰ গাড়ীবোৰ যি আলহীয়ে দুঘণ্টাৰ বাবে দিছে এদিনৰ ৰূমভাৰা