নিৰ্মলা সীতাৰমণে কৰিলে শাড়ী আৰু মাখনা পলিটিক্স কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ সময়ত পিন্ধিছিল এখন বিশেষ শাড়ী নৱেম্বৰত বিহাৰ ভ্ৰমণৰ সময়ত নিৰ্মলা সীতাৰমণক দুলাৰী দেৱী নামৰ শিল্পীগৰাকীয়ে উপহাৰ দিছিল পৰম্পৰাগত মধুবনী আৰ্ট প্ৰিণ্টৰ শাৰীখন শনিবাৰে মধুবনী আৰ্ট প্ৰিণ্টৰ শাড়ীখন পিন্ধিয়েই সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট ইয়াৰ পিছত ৭৭ মিনিটৰ ভাষণত নিৰ্মলা সীতাৰমণৰ মুখত ৯ বাৰ শুনা গল বিহাৰৰ প্ৰসংগ বিহাৰে পালে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্প। এইবোৰৰ ভিতৰত অন্যতম হৈছে মাখনা ব’ৰ্ড গঠনৰ প্ৰতিশ্ৰুতি বিহাৰীয়ে ভাল পোৱা মাখনাই ইতিমধ্যে দখল কৰিছে বজাৰ বহুতৰ বাবে প্ৰিয় খাদ্য হৈ উঠিছে মাখনা কিন্তু হঠাৎ এই মাখানা প্ৰীতি কিয়? কাৰণটো হৈছে বিহাৰৰ সমাগত নিৰ্বাচন ৮ মাহৰ পিছত অনুষ্ঠিত হ’ব বিহাৰত বিধানসভা নিৰ্বাচন। বিহাৰৰ মিথিলাঞ্চলত সৰ্বাধিক উৎপাদন হয় মাখনা মাখনাৰ উৎপাদনৰ লগত জড়িত হৈ আছে ৫ লক্ষাধিক কৃষক। মাখানা ব’ৰ্ড গঠনৰ দ্বাৰা লাভান্বিত হ’ব এই কৃষকসকল মিথিলাঞ্চলে বিহাৰত চৰকাৰ গঠনৰ ক্ষেত্ৰতো লয় গুৰুত্বপূৰ্ণ ভূমিকা সেয়ে সীতাৰমণে কৰিলে মাখনা পলিটিক্স৷