বাস্তৱক মানিব পাৰিছেনে কমলিকা কাশ্যপে!

আকৌ তেনেই অকলশৰীয়া হ’ল কমলিকা৷ ভিটালী দাসৰ কন্যাৰ কাষত এতিয়া আপোন কোনো নাই৷
কিন্তু এই পৰিস্থিতিৰ বাবে যেন প্ৰস্তুত আছিল কমলিকা৷ মাতৃ ভিটালী দাসৰ দৰেই কণ্ঠৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা কমলিকাই যেন জানিছিল সম্ভাব্য পৰিস্থিতিৰ কথা৷
ভিটালী অৰ্কেড খালি কৰি যে পিতৃ ভূপেন দাসেও জীৱননাট সামৰিব, সেই কথাৰ উমান পাইছিল কমলিকাই৷ কিন্তু বাস্তৱক স্বীকাৰ কৰিলেও কমলিকাৰ অন্তৰে মানি ল’ব পৰা নাই চৰম সত্য৷
ডায়েবেটিছত আক্ৰান্ত ভূপেন দাস দীৰ্ঘকালে আছিল পত্নীৰ সংগী৷ পত্নীৰ গানত প্ৰায়েই তেওঁ বজাইছিল তবলা৷
কিন্তু ভিটালী দাসৰ ২০২১ চনত মৃত্যুৰ পিছত মানসিকভাৱে ভূপেন দাস হৈ পৰিছিল অস্থিৰ৷ পত্নীৰ মৃত্যুৰ কথা শেষপৰ্যন্ত তেওঁ স্বীকাৰ কৰিব পৰা নাছিল৷
কন্যাক সাহস দিলেও ভূপেন দাসে কটোৱা নাছিল স্বাভাৱিক জীৱন৷ সেয়ে সদায় পিতৃৰ যত্ন লৈছিল কমলিকাই৷
কিন্তু এতিয়া কমলিকা অকলশৰীয়া৷ সুৱদী কমলিকাই কটাব লাগিব নিঃসংগ জীৱন৷ আমি আশা কৰিছোঁ- ভালে থাকক কমলিকা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial