সহজ বুদ্ধিৰেই নাশ কৰিব পাৰিব পইতাচোৰা

লক্ষ্মণ ৰেখা অথবা ৰেড হিট একোলৈ ভয় নকৰা হৈছে৷ অত্যধিক প্ৰয়োগৰ ফলত কমি গৈছে এইধৰণৰ ৰাসায়নিক পদাৰ্থৰ ক্ষমতা৷ সেয়ে পইতাচোৰা মাৰিবলৈ একো উপায়েই নোহোৱা হৈছে৷
অসমৰ সকলো ঘৰতে পইতাচোৰা হৈ পৰিছে ভয়ংকৰ সমস্যা৷ কিন্তু ভয়ংকৰ পতংগবিধে ৰোগ বিয়পাইছে৷
পইতাচোৰা জৰিয়তে বিয়পা ছেলম’নেলা নামৰ ভাইৰাছবিধে টাইফয়ডৰ বীজাণু সংক্ৰমিত কৰিছে৷
পইতাচোৰাই হৈছে এলাৰ্জীজনিত ৰোগৰ মূল উৎস৷ গতিকে পইতাচোৰা মাৰিবলৈ আমি দিবলৈ ওলাইছোঁ এটা সহজ কিন্তু ফলপ্ৰসূ উপায়৷
প্ৰথমে এচামুচ বৰিক এচিড, দুচামুচ আটা আৰু এচামুচ চেনিৰ গুৰি কৰি মিহলাই এখন চেপেটা বহল কাঁহীৰ মাজত দি ৰাতি পাকঘৰৰ মজিয়া বা পইতাচোৰা থকা ঠাইত মুকলিকৈ থৈ দিব।
সেই মিশ্ৰণখিনিক কেন্দ্ৰ কৰি কাঁহীৰ ভিতৰতে বৰিক পাউডাৰৰ এটা বৃত্ত বনাব। যাতে মিশ্ৰণখিনি খাবলৈ যাওঁতে পইতাচোৰাৰ ঠেঙত বৃত্তটোৰ বৰিক পাউডাৰ লাগি ধৰে।
মিশ্ৰণ খিনি খালে পইতাচোৰা মৰি নাইকিয়া হব। ভৰিত লাগি যোৱা বৰিকে গোপন আৰু এন্ধাৰ ঠাইত থকা পইতাচোৰাৰ কণী আৰু পোৱালীবোৰ ধ্বংস হব।
এসপ্তাহ একেদৰে এই দৰৱ প্ৰয়োগ কৰিলে পইতাচোৰা মুক্ত হ’ব আপোনাৰ ঘৰখন৷ পাকঘৰতো নোহোৱা হ’ব পইতাচোৰা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email