বন্ধ হৈ যাব নেকি স্বায়ত্তশাসিত পৰিষদ?

ৰাজ্যৰ উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যকাল শেষ হ’বলৈ মাত্ৰ কিছুদিন বাকী আছে৷
মিচিং স্বায়ত্বশাসিত পৰিষদ, ৰাভা-হাচং স্বায়ত্বশাসিত পৰিষদ, সোণোৱাল-কছাৰী স্বায়ত্বশাসিত পৰিষদ আৰু তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিৰ কাৰ্যকাল আৰু কিছুদিনহে বাকী আছে৷
আগন্তুক ফেব্ৰুৱাৰী মাহ ৰাজ্যপালে এইসমূহৰ দ্বিতীয়বাৰৰ কাৰণে বৃদ্ধি কৰা কাৰ্যকালৰ অন্ত পৰিব। সাংবিধানিক ব্যৱস্থা অনুসৰি কাৰিকৰী কাৰণত অসম চৰকাৰে যদি নিৰ্ধাৰিত সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে তেন্তে ৰাজ্যপালে অধিসুচনা জাৰি কৰি দুবাৰকৈ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে।
অৰ্থাৎ ছমাহৰ সময়সীমাৰে দুবাৰ, অৰ্থাৎ মুঠ এবছৰলৈ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে।
তাৰ পিছতো যদি নিৰ্বাচন নহয় তেন্তে চৰকাৰে Ad Hoc কমিটি গঠন কৰি পৰিষদখন নিজৰ নিয়ন্ত্ৰণলৈ নিব পাৰে। ইচ্ছা কৰিলে পৰিষদখন ভংগও কৰি দিব পাৰে।
গতিকে প্ৰশ্ন হৈছে- উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদসমূহৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হব?
কিন্তু সাম্প্ৰতিক পৰিস্থিতিয়ে স্পষ্ট কৰি দিছে- এতিয়াই নিৰ্বাচন অনুষ্ঠিত নহয়!
কাৰণ পঞ্চায়ত স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন একেলগে পাতিব পৰাকৈ চৰকাৰৰ ধন নাই৷
তদুপৰি পঞ্চায়তৰ পিছতেই ২০২৬ত আহি আছে বিধানসভা নিৰ্বাচন। গতিকে গুৰুত্বহীন হৈ পৰিছে স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial