কুঁৱলীয়ে ঢাকি ধৰা নিশা লেপে-ব্লেংকেটে জপতিয়াই লৈ আমি উমাল বিছনাত উঠিছোঁ৷ সেমেকা ৰাত্ৰি ঘৰৰ পিছফালে জ্বলোৱা জুইকুৰাত সেকিছোঁ হাত-ভৰি৷
কিন্তু ভাবকচোন- সীমাৰ সমীপত আমাৰ বাবে থিয় হৈ থকা সৈনিকসকলৰ কথা! বৰফৰ শুকুলা দলিচাৰ মাজত থিয় হৈ চৌদিশে শেনচকু ৰাখি থকা সেনানীয়ে কিমান যে কষ্ট সহিবলগীয়া সেই কথা শব্দৰে বিৱৰণ কৰিবই নোৱাৰি৷
আজি সেনা দিৱস৷ ভাৰতৰ প্ৰহৰীৰ বাবে উৎসৰ্গিত বিশেষ দিনটোতো LOCত বৰফৰ মাজত থিয় হৈ আছে সেনা৷
বৰ্তমান কাশ্মীৰৰ চৌপাশে নিয়োজিত জোৱানে বিয়োগ ১০ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত কৰ্তব্য সমাপন কৰি আছে৷ বৰফৰ মাজত জিৰাবলৈয়ো নাই ব্যৱস্থা৷
ছিয়াচেন হিমবাহত সামান্য আহাৰ খাই হাতত বন্দুক লৈ ডিউটী কৰিছে ভাৰতৰ জোৱানে৷ আমাক সুৰক্ষিত কৰি ৰাখিবলৈ বৰফৰ মাজত খোজকাঢ়ি ফুৰিছে সৈনিকে৷
এতিয়া তুষাৰপাতৰ মাজত ছিয়াচেনত বৰফে যিকোনো সময়তে পুতি পেলাবও পাৰে জোৱানক৷ হঠাতে বলা বৰফৰ ধুমুহাই ছানি ধৰিছে আকাশ৷
কিন্তু একোলৈ ভ্ৰুক্ষেপ নকৰি বৰফৰ মাজতে ভ্ৰমি ফুৰিছে জোৱান৷ আমাক সুৰক্ষিত কৰি ৰাখিবলৈ নিজৰ প্ৰাণৰ প্ৰতি শংকাক জয় কৰিছে তেওঁলোকে৷