এইখন অসমৰে এখন জিলাৰ পুলিচে কেতিয়াও ছুটী নলয়৷ সদায় নাইট ডিউটী কৰিবলৈ বিচাৰ জিলাখনৰ আৰক্ষীয়ে৷ তেওঁলোকৰ লগত নিশা ডিউটী কৰে অৰ্ধ-সামৰিক বাহিনীৰ কেইজনমান জোৱানে৷ সেইসকলেও ছুটী নলয়৷ নাযায় ঘৰলৈ৷
অৱশ্যে কৰ্তব্যনিষ্ঠাৰ বাবে তেওঁলোকে ছুটী নোলোৱা নহয়৷ দেশৰক্ষাৰ উদ্দেশ্যে তেওঁলোক ব্যাকুলো নহয়৷
ছুটী নোলাৱাৰ কাৰণ হৈছে গৰু কঢ়িওৱা গাড়ীহে৷ সেইখন জিলাৰ মাজেৰে প্ৰতিনিশা পাৰ হয় চুৰি গৰু কঢ়িওৱা কেবাশ গাড়ী৷
এই গাড়ীবোৰেৰে নিশা গৰু নি বৰ্ণিবাৰীত নমোৱা হয়৷ তাৰ পৰা ডাউকী হৈ বাংলাদেশলৈ গৰু নিয়া হয়৷ সেইবোৰৰ মাজতে থাকে সদায় চুৰি হোৱা গৰুবোৰ৷
নিশা কৰ্তব্যৰত আৰক্ষীয়ে কিন্তু ৰাস্তাতে গাড়ীবোৰ ধৰে৷ কিন্তু অলিখিত চুক্তি অনুসৰি পুলিচে বেপাৰীৰ পৰা আদায় কৰে হাজাৰ হাজাৰ টকা৷ এখন গাড়ীৰ পৰাই কমেও ৩০ হাজাৰ টকা লয়৷
সেই ধন নাইট ডিউটী কৰি থকাসকলৰ মাজত ভাগ কৰা হয়৷ পুলিচৰ সৈতে থকা অৰ্ধ-সেনাৰ জোৱানক প্ৰতিনিশা দিয়া হয় ৩ হাজাৰকৈ টকা৷
অভিযোগ অনুসৰি সেয়ে নিশা ডিউটী কৰিবলৈ পুলিচৰ উথপথপ লাগে৷ গতিকে পেৰাৰ বাবে জনাজাত চহৰখনলৈ বদলি হোৱাৰ পিছত কাৰো ছুটী ল’বলৈ মন নোযোৱা হয়৷