সঁচা কথাবোৰ শুনক

১৫ দিনমান আগৰে পৰা আহি আছে
আমালৈ ভিন্ন ঠাইৰ পৰা আহিছে চিনাকি-অচিনাকি মেজি-ভেলাঘৰৰ ফটো আৰু বাতৰি৷
কিন্তু ভাবকচোন, অসমীয়াই দুদিনীয়া মেজি সাজিছে, কিন্তু কাষৰ পথাৰতে বহিৰাগত বণিয়াই সাজিছে বিশাল অট্টালিকা৷
অসমীয়াই অট্টালিকাৰ আকৃতিত নৰাৰ ভেলাঘৰ সজিছে৷ দুদিনৰ পিছতে জ্বলাই দিছে৷ কিন্তু হিন্দীভাষীৰ বিল্ডিং হৈ ৰৈছে অজৰ-অমৰ৷
বিহুৰ বতৰত সম্ভৱতঃ ইমান নিৰাশাভৰা কথাবোৰ ক’ব নালাগে, কিন্তু আমিও ক’বলৈ বাধ্য৷ দলে দলে অসমীয়াই সৰহীয়াকৈ দুটকা পোৱাৰ লোভত মাৰোৱাৰীক মাটি বেচিছে৷ কিন্তু সেই ধনেৰে পুতেকক কিনি দিছে KTM৷ দুদিনৰ পিছত টকাও শেষ হয়, পুত্ৰধনৰো হয় এক্সিডেণ্ট৷
বিহুৰ বতৰত অসমীয়াই নানা ডিজাইনৰ ভেলাঘৰ সাজিছে, সেই কাম শুদ্ধনে ভুল আমি নাজানো৷ কিন্তু সেই ডিজাইনৰ ভাস্কৰ্য কিন্তু অসমত বেছিভাগ অনা-অসমীয়াৰহে আছে৷ অসমৰ ধনী লোকসকলৰ মাত্ৰ ২০ শতাংশহে বৰ্তমান অসমীয়া৷
দুদিন বিহু পাতি আকৌ অসমীয়াই এমাহলৈ ভাগৰ মাৰিব৷ তেতিয়াই বিক্ৰী হৈ যাব এইবেলি ভেলাঘৰ সজা পথাৰখনো৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email