শুভক্ষণত তিতা কথা ক’ম জানো
মনে নসহে, এতেকে কওঁ শুনক
এই ভোগালীয়েই হয়তো জাৰি কৰিব অসমীয়াৰ মৃত্যু পৰোৱানা৷ ভূ-খণ্ড থাকিব, কিন্তু নাথাকে৷
ফ্ৰী চাউলৰ ভাতেৰে উদৰ পূৰোৱা জাতিৰনো আয়ুস কিমান হ’ব পাৰে?
বিহুৰ পিঠা পুৰিবলৈয়ো যিটো জাতিৰ মানুহৰ ঘৰত চাউল কিনিবলগীয়া হৈছে, সেইটো জাতিৰ শকতি কিমান?
বেয়া নাপাব- উৰুকাৰ শুভক্ষণতো তিতা কথা উলিয়াইছোঁ৷
আমি জৰীপ কৰি লাভ কৰা তথ্য অনুসৰি খিলঞ্জীয়া মালিকে ৰাজ্যৰ ৭০ শতাংশ কৃষিভূমি মিঞাক চমজাই দিছে৷ তেওঁলোকৰ মতে খেতি কৰিলে লাভ নাই৷ কথাটো আচলতে নোহোৱাও নহয়৷
ট্ৰেক্টৰ, ৰোৱনীৰ পৰা আদি কৰি কৃষিকাৰ্যত হোৱা ব্যয় প্ৰকৃতপক্ষেই ধান বেচি উলিওৱাটো টান৷ কিন্তু এই সমস্যা সমাধানৰ বাবে ৰাইজে একগোট হৈ কি কৰিছে?
একো নকৰি বিঘাইপতি দুমোন ধানৰ চৰ্তত মিঞাক চমজাই দিছে পথাৰ৷
গতিকে মিঞা খেতিয়কে অধিক উৎপাদনৰ বাবে স্বাভাৱিকতে হাইব্ৰীড জাতৰ খেতি কৰিছে৷ নিজৰ ব্যৱসায়িক লাভৰ বাবে তেওঁলোকে কোমল, বৰা আদিৰ খেতি কৰিবলৈ বাদ দিছে৷
গতিকে অহা দুবছৰৰ ভিতৰত অসমীয়াই বিহুৰ জলপান খাবলৈয়ো চাউল নাথাকিব৷ মিঞাই দয়া কৰিলেহে অসমীয়াই পাতিব পাৰিব বিহু৷
কথাখিনি মনত ৰাখক ৰাইজ, সময়ত সোঁৱৰাই দিম…