নৈপৰীয়া অসমীয়াই এইবেলি সৰহীয়া হাৰত উৎপাদন কৰিছে তিল৷ সমগ্ৰ অসমৰ জোৰা মাৰিব পৰাকৈ ৰাজ্যত তিলখেতি হৈছে৷ বিশেষকৈ ঢকুৱাখনাত হৈছে আশাপ্ৰদ হাৰত তিলখেতি৷ গতিকে কৃষক উপকৃত হৈছে৷
কিন্তু তথাপি অসমীয়া ৰাইজে খোলাচাপৰি পিঠা তৈয়াৰ কৰিব পৰাকৈ পোৱা নাই তিল৷ বজাৰত তিলৰ দাম বাঢ়িয়েই আছে৷
তদুপৰি তিলৰ সৈতে বহিৰাগত বেপাৰীয়ে বেচিছে ধূলি৷ তিলৰ ওজন বঢ়াবলৈ বালি মিহলাইঅসমীয়া গ্ৰাহকক বিক্ৰী কৰা হৈছে৷
বিশেষ সূত্ৰই প্ৰকাশ কৰা অভিযোগ অনুসৰি বহিৰাগত ব্যৱসায়ীয়ে তিলৰ দাম বঢ়াবলৈ বিশেষ কৌশল গ্ৰহণ কৰিছে৷ এইবাৰ তেওঁলোকে থলুৱা কৃষকৰ পৰা ক্ৰয় কৰি থৈছে l পূৰ্বে অসমত তিল বৈছিকৈ উৎপাদন নোহোৱাৰ বাবে বৰ্হিৰাজ্যৰ পৰা সৰবৰাহ কৰা হয়৷ কিন্তু এইবাৰ সৰবৰাহ কৰা তিলৰ পৰিমাণ কম৷ অৰ্থাৎ বেছিখিন অসমতে উৎপাদিত হৈছে৷
কিন্তু অসমীয়া কৃষকৰ উপাৰ্জনৰ ওপৰতো দালালি কৰি ধন ঘটিবলৈ এৰা নাই এচাম বেপাৰীয়ে৷ তেওঁলোকে কৃত্ৰিম নাটনি সৃষ্টিৰ উদ্দেশ্য়ে তিল সৰহীয়াকৈ পাইকাৰী হাৰত কিনি এতিয়া লুকুৱাই পেলাইছে৷
সেয়ে বজাৰত দাম বাঢ়িছে তিলৰ৷ বহিৰাগত ব্যৱসায়ীয়ে অসমীয়াৰ বিহুৰ সময়তো ক্ৰেতাক হাৰাশাস্তি কৰিবলৈ এৰা নাই৷