পাৰ্টী কৰি ঘৰলৈ ওভতা ড্ৰাইভাৰৰ গাড়ীৰ চেপাত যে কিমান কুকুৰ মৰিছে তাৰ হিচাপেই নাই৷ নৱবৰ্ষৰ পাৰ্টীৰ সময়ছোৱাত পিকনিকৰ গাড়ীয়ে চেপিও মাৰিছে অমাত জীৱ৷ পথতে বাস কৰা শ শ কুকুৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গাড়ীৰ চেপাত প্ৰাণ হেৰুৱাইছে৷ সংখ্যাত কম হ’লেও উতনুৱা ড্ৰাইভাৰৰ গাড়ীয়ে চেপি মাৰিছে মেকুৰীও৷
এই সন্দৰ্ভত বুজ ল’বলৈ আমি ভিন্নপ্ৰান্তৰ আমাৰ প্ৰতিবেদকৰ সৈতে যোগাযোগ কৰিছিলোঁ৷ তেওঁলোকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ভয়ংকৰ সম্ভেদ লাভ কৰিছোঁ৷
ৰাজ্যৰ আন প্ৰান্ত নালাগে, কেৱল গুৱাহাটীতে থাৰ্টী ফাৰ্ষ্টৰ পৰা এইপৰ্যন্ত ৮০টাৰো বেছি কুকুৰ গাড়ীৰ চেপাত মৰিছে৷ ভেটাপাৰা, ঘোঁৰামৰা আদিৰ পথ কুকুৰৰ বাবে হৈ পৰিছে বধ্যভূমিৰ দৰে৷ পুলিচৰ চেকিঙৰ ব্যৱস্থা নথকা ৰাস্তাত সদায়েই গাড়ীয়ে চেপিছে কুকুৰ৷
একেদৰে নুনমাটিৰ ভিতৰুৱা এলেকাতো সদায়েই গাড়ীয়ে চুকুৰ মাৰিছে৷ নগাঁৱত কমেও ৬০টা কুকুৰ উৰুলিপুঙা ড্ৰাইভাৰৰ গাড়ীৰ আগত পৰিছে৷ শোণিতপুৰৰ এটা প্ৰান্ততে শতাধিক কুকুৰ খুন্দিয়াই মাৰিছে মতলীয়া চালকে৷
একে পৰিস্থিতিয়েই সৃষ্টি হৈছে ডিব্ৰুগড়, যোৰহাট আদিতো৷ গ্ৰামাঞ্চলত চাৰিচকীয়াৰ উপৰি মটৰ চাইকেলৰ আগত পৰি শৰ ঘৰত সাৰমেয় মৰিছে৷
কোনো কিন্তু তথাপি হোৱা নাই সাৱধান৷ শীতৰ ৰাতিও ৰাস্তাত খাদ্য বিচাৰি ফুৰা কুকুৰক চেপিও বীৰদৰ্পে গাড়ী চলাইছে উতনুৱা ড্ৰাইভাৰে৷