উমৰাংচ’ত যটো ঘটনা সংঘটিত হ’ল, তেনে দৰেই অঘটন ঘটিব লিডুৰ পাহাৰত৷
অঘটন ঘটিল বাবেহে উমৰাংচ’ৰ কয়লা খনিৰ কথা ৰাইজে জানিলে৷ পিছে অসমৰ ভিন্ন স্থানত অহৰহ চলিয়েই আছে ৰেট হোল কয়লা খনন৷ শ্ৰমিকে কেবাশ ফুট দ গাঁতত সোমাই উলিয়াই আনিছে কয়লা৷
অসমৰ সিমূৰৰ লিডুৰ পাহাৰত সদায়ে হৈ আছে অবাধ কয়লা খনন৷ মাৰ্ঘেৰিটা হৈ দৈনিক শতাধিক গাড়ীয়ে কঢ়িয়াইছে পাহাৰত খন্দা কয়লা৷
আমি বিগত সময়তো লিডুৰ পাহাৰত কয়লা খন্দাৰ সংবাদ পৰিৱেশন কৰিছোঁ৷ শেহতীয়াকৈ লিডুৰ পাহাৰতো ৰেট হোল কয়লা খননৰ পৰিমাণ বাঢ়িছে৷
এই কামত নিয়োজিত শ্ৰমিকসকলৰ বেছিভাগেই হৈছে বৰপেটা আৰু ছিপাঝাৰৰ মিঞা৷ তদুপৰি গোৰ্খা সম্প্ৰদায়ৰ শ্ৰমিকেও এন্দুৰৰ গাঁতৰ দৰে খনিত সোমাই সদায় কয়লা খান্দিছে৷
হাতৰ মুঠিত জীউ লৈ এই শ্ৰমিকসকলে লিডুৰ পাহাৰত কয়লা খান্দি আছে৷ যিকোনো সময়তে পাহাৰীয়া মাটি খহি তেওঁলোকক পুতি পেলাব পাৰে৷ কিন্তু উমৰাংচ’ত অঘটন হোৱাৰ সময়তো অব্যাহত আছে লিডুৰ কয়লা খনন৷
এতিয়াও লিডুৰ কয়লা মাফিয়াই বন্ধ কৰা নাই ৰেট হোল৷ উমৰাংচ’ত পানীৰ ঢলে কেবাজনো শ্ৰমিকক উটুৱাই নিয়াৰ সময়তো লিডুৰ পৰা আহিয়েই আছে কয়লা৷
লিডু-মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখননকেন্দ্ৰিক ঘটনা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপি কটকী ন্যায়িক আয়োগে ২০২১ চনৰ ১৭ এপ্ৰিলত এখন প্ৰতিবেদন দাখিল কৰিছিল৷ কিন্তু সেই প্ৰতিবেদন লুকুৱাই পেলোৱা হ’ল৷
ন্যায়িক তদন্তৰ প্ৰতিবেদন ২০২২ চনৰ ২৮ মাৰ্চত বন আৰু পৰিবেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদৰ অধ্যক্ষতাত বহা বৈঠকে সৰ্বসন্মতভাবে গৃহীত কৰিছিল৷ তাৰ পিছতো ছুপাৰিশসমূহ কাৰ্যকৰী নহ’ল। গতিকে এইবাৰো যে একো নহয় সেয়া খাটাং৷