ৰাজীৱ ভৱনৰ সম্ৰাটৰ অহংকাৰ

ডঃ হীৰেন গোহাঁইৰ কথাও নুশুনে ভূপেন বৰাই
ডঃ গোহাঁইক গুৰুত্বই নিদিয়ে APCCৰ সভাপতিয়ে
হীৰেন গোহাঁইক উপহাস কৰিলে কংগ্ৰেছে
সমাদৃত বুদ্ধিজীৱী হীৰেন গোহাঁয়ে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছকে প্ৰমুখ্য কৰি বিৰোধী দলৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনাইছিল৷ গুৱাহাটীৰ কংগ্ৰেছী মীৰা বৰঠাকুৰৰ হৈ ডঃ গোহাঁয়ে চলাইছিলো প্ৰচাৰ৷
অসমৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ চিন্তাবিদ বুলিয়েই সমাদৃত ডঃ গোহাঁয়ে ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিছিল৷ সভাত তেওঁ কংগ্ৰেছক বাস্তৱমুখী হোৱাৰ বাবে জনাইছিল আহ্বান৷
পঞ্চায়ত নিৰ্বাচনৰ কুৰুং-কাৰাং চলি থকাৰ সময়ত মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছক নমনীয় হোৱাৰ বাবে গোহাঁয়ে আহ্বান জনাইছিল৷
পিছে সেই আহ্বানৰ ২৪ ঘণ্টাও নহ’ল৷ হঠাতে ফেট তুলি ধৰিলে ভূপেন বৰাই৷ তেওঁ আনকি কংগ্ৰেছৰ ইতিহাসো বৰ্ণনা কৰিলে৷
ডঃ গোহাঁইক অৱজ্ঞা কৰি তেওঁ কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে বুলিও ঘোষণা কৰিলে৷ হঠাতে ভূপেন বৰাই ক’লে- হু ইজ অখিল গগৈ!
কিন্তু এই বাক্যফাকিৰে যেন ডঃ হীৰেন গোহাঁইকো ৱাৰ্নিং দিলে ভূপেন বৰাই৷ কংগ্ৰেছ কংগ্ৰেছৰ মতেহে চলিব বুলি ৰাজীৱ ভৱনৰ ৰজাই দলীয় কথাত মাত নামাতিবলৈ হীৰেন গোহাঁইক দিলে সকীয়নি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial