এতিয়া কি হ’ব শুনক

চৰ্চিত হৈ পৰা HMPV নতুন বীজাণু নহয়৷ হিউমেন মেটানিম’ভাইৰাছ ২০০১ চনতে ধৰা পৰিছিল৷ কিন্তু আকস্মিকভাৱে বীজাণুবিধৰ বৰ্ধিত সংক্ৰমণক লৈ ৰহস্যৰো সূত্ৰপাত হৈছে৷
দেশত ভাইৰাছৰ বিস্তাৰৰ সময়ত কুম্ভমেলাকলৈয়ো স্বাভাৱিকতে অনিশ্চয়তাৰ সূচনা হৈছে৷ প্ৰয়াগৰাজত মহাআড়ম্বৰেৰে আয়োজন কৰা হিন্দুধৰ্মৰ সবাতোকৈ পৱিত্ৰ উৎসৱৰ বাবে বাজেট হৈছে ৬,৫০০ কোটি টকা৷
১৪৪ বছৰৰ পিছত সমমাগত পৱিত্ৰ লগ্নত আয়োজিত কুম্ভমেলাৰ বাবে এতিয়াই লোকে-লোকাৰণ্য হৈ পৰিছে প্ৰয়াগৰাজ৷ ১৩ জানুৱাৰীৰ আৰম্ভণিৰ পূৰ্বেই ১ লাখ তম্বু দৰ্শনাৰ্থীৰ বাবে কৰি তোলা হৈছে প্ৰস্তুত৷ ১৫টা বিভাগে ৫০০ প্ৰকল্প সমাপ্ত কৰিবলৈ যুদ্ধসদৃশ গতিৰে প্ৰস্তুতি চলাইছে৷ কিন্তু HMPVৰ সন্ত্ৰাসে স্বাভাৱিকতে কুম্ভমেলাৰ আয়োজনক লৈ উদ্ৰেক কৰিছে প্ৰশ্ন৷
ইতিমধ্যে মহাকুম্ভৰ আয়োজনত বাধা দিয়াৰ উদ্দেশ্যৰেই চীনা ভাইৰাছৰ বিস্তাৰৰ বিষয়ে বিশেষ চক্ৰই অপপ্ৰচাৰ চলোৱা বুলিও এচামে প্ৰচাৰ চলাইছে৷ কিন্তু যদি আকৌ দেশত ক’ভিডৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে মহাকুম্ভৰ আয়োজন যে অসম্ভৱ হৈ পৰিব সেয়াও খাটাং৷
তেনে হ’লে উত্তৰ প্ৰদেশ চৰকাৰৰ অজস্ৰ ধন অপচয় হ’ব৷ শাস্ত্ৰ অনুসৰি বৃহস্পতি সূৰ্যৰ কাষ চাপিলে অমৃতক্ষণত প্ৰতি ১২ বছৰৰ ব্যৱধানত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু সমাগত মহাকুম্ভৰ লগ্ন আহিছে ১৪৪ বছৰৰ অন্তত৷ গতিকে কমেও ৪ কোটি ভক্তই প্ৰয়াগৰাজত ভিৰ কৰাটো অৱধাৰিত৷ পিছে এতিয়াৰ পৰিস্থিতিয়ে সৃষ্টি কৰিছে সন্দেহৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email