পাতালত আবদ্ধ দৰিদ্ৰ শ্ৰমিক

অসমকো লাগে এজন যশোৱন্ত সিং গিল
কাৰণ ১৯৮৯ চনত ৰাণীগঞ্জত যি হৈছিল, সেয়াই এতিয়া উমৰাংছুতো হৈছে৷
কয়লা খান্দিবলৈ মাটিৰ তলৰ খাদত সোমোৱা শ্ৰমিকক উদ্ধাৰ কৰিবলৈ চমৎকাৰৰ প্ৰয়োজন হৈছে৷ উমৰাংছুৰ কালামাটিত ইতিমধ্যে হৈছে সৰ্বনাশ৷
খবৰ অনুসৰি কালামাটিৰ কয়লাখনিত হঠাতে সোমাইছে পানী৷ ৰেট হোলেৰে ২০ জন শ্ৰমিক সোমাই থকা সময়তে পানীয়ে ডুবাই পেলাইছ খাদটো৷
কিন্তু ১৯৮৯ চনত অনুৰূপ ঘটনা সংঘটিত হৈছিল পশ্চিমবংগৰ ৰাণীগঞ্জৰ কয়লাখনিত৷ যেতিয়া খাদত পানী সোমাইছিল, তেতিয়া কয়লা খান্দি আছিল ৬০ জন শ্ৰমিকে৷
তাৰ পিছত অসহায় হৈ পৰিছিল কৰ্তৃপক্ষ৷ কিন্তু সেই সময়তে ভগৱানৰ দৰে ঘটনাস্থলীত উপস্থিত হৈছিল যশোৱন্ত সিং গিল নামৰ বিষয়াজন৷
যি দেশত প্ৰথমবাৰৰ বাবে মাটিত দীঘল গাঁত খান্দি লোহাৰ কেপছুলেৰে উলিয়াই আনিছিল সকলো শ্ৰমিকক৷
সেই ঘটনাৰ আধাৰতে মিশ্যন ৰাণীগঞ্জ নামৰ চিনেমা এখনো নিৰ্মাণ কৰা হৈছে৷ কিন্তু উমৰাংছুৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ কালামিটৰ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ সৈতে এইপৰ্যন্ত যোগাযোগ স্থাপন কৰিব পৰা নাই কৰ্তৃপক্ষই৷
উদ্ধাৰ অভিযানত সহায় কৰিবলৈ সেনাক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু কয়লা খাদত যে ইমান সময়ে বিষাক্ত গেছ উৎপন্ন হৈছে সেয়াও নিশ্চিত৷
গংগা বাহাদুৰ, হুছেইন আলি, সৰ্প বৰ্মন, জাকিৰ আলি, মুস্তাফা শ্বেখ, সঞ্জিৎ, খুছী মোহন, লিজন মগৰ, শৰৎ গয়াৰীকে ধৰি খাদত বন্দী হৈ থকা দৰিদ্ৰ শ্ৰমিকৰ সৈতে এতিয়াও কথা পাতিব পৰা হোৱা নাই৷
পাতালত বন্দী শ্ৰমিকৰ উদ্ধাৰৰ বাবে অসমকো দৰকাৰী হৈছে এজন যশোৱন্ত সিং গিলক৷ যি উলিয়াই আনিব পাৰিব শ্ৰমিকক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial